Farm Law Repeal : অথলে নগ’ল দেশৰ কৃষকৰ বিদ্ৰোহ; নতজানু মোডী চৰকাৰ

author img

By

Published : Nov 19, 2021, 12:49 PM IST

Updated : Nov 19, 2021, 1:29 PM IST

PM Narendra Modi

শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা কৰে । প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে আনন্দ উল্লাহ সমগ্ৰ দেশতে ।

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : অথলে নগ'ল দেশৰ কৃষকসকলৰ প্ৰতিবাদ (Farmer protest) । গণতান্ত্ৰিক আন্দোলনৰ শক্তি বা ইয়াৰ প্ৰভাৱ কেনে হ'ব পাৰে তাক প্ৰমাণ কৰিলে কৃষক আন্দোলনে । এই আন্দোলনৰ ওচৰত হাৰ মানি অৱশেষত বাতিল হ'বলৈ গৈ আছে বিতৰ্কিত তিনিখন কৃষি আইন (Farm Law) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই তিনিখন আইন বাতিল কৰাৰ বৃহৎ ঘোষণা কৰে ।

কৃষকৰ কল্যাণ আৰু কৃষি উন্নয়ন চৰকাৰৰ প্ৰধান কৰ্তব্য বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী কৃষকসকলক তেওঁলোকৰ ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোডীয়ে (Narendra Modi) । দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া দেশখনে তেওঁৰ নেতৃত্বৰ বিজেপি চৰকাৰক ২০১৪ চনত প্ৰধান সেৱক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ দিছিল, তেতিয়া কৃষি উন্নয়ন আৰু কৃষক কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছিল চৰকাৰে ।

বহুতো লোকে এই সত্যৰ বিষয়ে নাজানে বুলি উল্লেখ কৰি তেওঁ কয় যে, ৮০ শতাংশ ক্ষুদ্ৰ কৃষক (Small Farmer) আছে যাৰ ২ হেক্টৰতকৈও কম ভূমি আছে আৰু তেওঁলোকৰ জনসংখ্যা ১০ কোটিতকৈ অধিক । এই সৰু ভূমিৰ টুকুৰাটো তেওঁলোকৰ জীয়াই থকাৰ সম্বল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ প্ৰত্যাহ্বানসমূহ নিৰ্মূল কৰিবলৈ বিজেপি চৰকাৰে বীজ, বীমা, বজাৰ আৰু সঞ্চয়ৰ ক্ষেত্ৰত সৰ্বাংগীনভাৱে কাম কৰিছে । উন্নত মানদণ্ডৰ বীজৰ লগতে চৰকাৰে কৃষকসকলক নিম আৱৰণ যুক্ত ইউৰিয়া, মাটিৰ স্বাস্থ্য কাৰ্ড আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ দৰে সুবিধা উপলব্ধ কৰিছে ।

কৃষকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য পাবলৈ বহুতো পদক্ষেপ লোৱা হৈছে । তেওঁ লগতে কয় যে দেশখনে ইয়াৰ গ্ৰাম্য বজাৰৰ আন্তঃগাঁথনি শক্তিশালী কৰিছে । তেওঁ লগতে কয় যে চৰকাৰে কেৱল নূন্যতম সমৰ্থন মূল্য (MSP) বৃদ্ধি কৰাই নহয়, অভিলেখ চৰকাৰী ক্ৰয় কেন্দ্ৰও স্থাপন কৰিছে ।

তেওঁ উল্লেখ কৰা মতে এইখন চৰকাৰে কৃষকসকলক যুক্তিসংগত হাৰত বীজ আৰু ক্ষুদ্ৰ জলসিঞ্চন, ২২ কোটি মাটিৰ স্বাস্থ্য কাৰ্ডৰ দৰে সুবিধা প্ৰদান কৰাৰ বাবে কাম কৰিছে । যিবোৰে কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে । চৰকাৰে ফছল বীমা যোজনা শক্তিশালী কৰিছে আৰু ইয়াৰ অধীনলৈ অধিক কৃষকক অনা হৈছে বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে । কেৱল এয়াই নহয় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শস্য ক্ৰয়ৰ ক্ষেত্ৰত বিগত কেইবা দশকৰ অভিলেখ ভংগ কৰিছে ।

উল্লেখ্য যে বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰাই কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । চৰকাৰৰ সৈতে বহু আলোচনা হৈছিল যদিও কৃষক সংগঠনসমূহৰ দাবী মানি লোৱা নাছিল চৰকাৰে । অৱশেষত প্ৰধানমন্ত্ৰী ঘোষণাই আনন্দিত কৰি তুলিছে সকলো কৃষককে ।

লগতে পঢ়ক :Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ

Last Updated :Nov 19, 2021, 1:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.