Farm Laws Repeal : গাজিয়াবাদ সীমান্তত মিঠাই বিতৰণ কৃষকৰ

author img

By

Published : Nov 19, 2021, 1:28 PM IST

Farm Laws Repeal

কৃষি আইন বাতিলক লৈ প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতে এতিয়া দেশৰ ভিন্ন প্ৰান্তত বিজয় উৎসৱ দেখিবলৈ পোৱা গৈছে । ঠায়ে ঠায়ে মিঠাই বিতৰণ কৰিছে কৃষকে । সংযুক্ত কিষাণ মৰ্চাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ লগে লগে চৌদিশে ব্যাপক আনন্দ উছাহ দেখিবলৈ পোৱা গৈছে । দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি থকা কৃষক সংগঠনসমূহেও প্ৰধানমন্ত্ৰীৰ পদক্ষেপত আদৰণি জনাইছে । প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে গাজিয়াবাদ সীমান্তত আনন্দত মিঠাই বিতৰণ কৰিছে । প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰায় ৪০ টাকৈ কৃষক সংগঠনেৰে গঠিত সংযুক্ত কিষাণ মৰ্চাই (SKM) ।

প্ৰতিক্ৰিয়া হিচাপে কিষাণ মৰ্চাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁলোকে সকলো উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিব আৰু শীঘ্ৰেই বৈঠক অনুষ্ঠিত কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব । সংযুক্ত কিষাণ মৰ্চাই এক বিবৃতিযোগে কয় যে তেওঁলোকে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু সংসদীয় প্ৰক্ৰিয়াৰ জৰিয়তে ঘোষণাটো কাৰ্যকৰী হোৱালৈ তেওঁলোকে অপেক্ষা কৰিব । লগতে কয় যে যদি কৃষি আইন (Farm Law) আনুষ্ঠানিকভাৱে বাতিল কৰা হয়, ই ভাৰতত এবছৰ ধৰি চলি থকা কৃষক সংগ্ৰামৰ এক ঐতিহাসিক বিজয় হ'ব ।

সংগঠনটোৱে কয় যে কেৱল কেন্দ্ৰৰ তিনি কৃষি আইন বাতিল কৰাই কৃষকৰ লক্ষ্য নহয় কৃষিজাত সামগ্ৰী আৰু সকলো কৃষকৰ উন্নয়নৰ বাবেও আন্দোলন কৰা হৈছে । সেয়ে কৃষকসকলৰ গুৰুত্বপূৰ্ণ দাবী এতিয়াও বাকী আছে ।

সংযুক্ত কিষাণ মৰ্চাই কয় যে বিদ্যুৎ সংশোধনী বিধেয়ক (Electricity Amendment Bill) প্ৰত্যাহাৰৰ দাবী এতিয়াও স্থগিত হৈ আছে । কৃষক সংগঠনটোৱে লগতে কয় যে এই সংগ্ৰামত প্ৰায় ৭০০ গৰাকী কৃষক শ্বহীদ হৈছে । আনকি লখিমপুৰ খেৰীত (Lakhimpur Kheri) সংঘটিত হত্যাকাণ্ডকে ধৰি কৃষকৰ মৃত্যুৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়ী বুলি উল্লেখ কৰে সংগঠনটোৱে ।

উল্লেখ্য যে বিভিন্ন কৃষক সংগঠনৰ অধীনত পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমাত তিনিখন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছিল ।

লগতে পঢ়ক :Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.