Congress Allegation : ‘‘আহি থকা নিৰ্বাচনৰ ভয়ত কেন্দ্ৰই বাতিল কৰিলে কৃষি আইন’’ !

author img

By

Published : Nov 19, 2021, 2:23 PM IST

Congress Allegation

কৃষি আইন বাতিলৰ ঘোষণাৰ পাচতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰক ।

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ : গুৰু নানকৰ জন্মজয়ন্তী (Guru Nanak Jayanti) উপলক্ষে দেশবাসীক সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) কৃষি আইন বাতিলৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে । এই ঘোষণাৰ পাছতে চৌদিশে আনন্দ উছাহ দেখিবলৈ পোৱা গৈছে । দল-সংগঠনসমূহেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । বিৰোধী কংগ্ৰেছৰ মতে বিজেপিয়ে ভয়তহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে (P Chidambaram) কেইবাটাও টুইট কৰে । তেওঁৰ মতে গণতান্ত্ৰিক প্ৰতিবাদৰ দ্বাৰা যি লাভ কৰিব নোৱাৰি সেয়া আসন্ন নিৰ্বাচনৰ ভয়ত লাভ কৰিব ! তিনিখন কৃষি আইন (Farm Laws) প্ৰত্যাহাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ উদ্দেশ্য নীতি পৰিৱৰ্তনৰ নহয় ।

এয়া নিৰ্বাচনৰ ভয়তহে লোৱা হৈছে বুলি আশংকা প্ৰকাশ কৰে পি চিদাম্বৰমে । অৱশ্যে তেওঁ কংগ্ৰেছ দলক প্ৰশংসা কৰে কিয়নো তেওঁৰ মতে কৃষি আইনৰ বিৰোধিতা কৰা কংগ্ৰেছ আৰু কৃষকৰ বাবে এয়া এক বৃহৎ বিজয় । ইফালে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰতাপ সিং বাজৱাই (MP Pratap Singh Bajwa) সমগ্ৰ ভাৰতৰ দৃঢ়, শক্তিশালী আৰু সাহসী কৃষকসকলক আৰু বিশেষকৈ পাঞ্জাৱক অভিনন্দন জনায় ।

সাংসদ প্ৰতাপ সিং বাজৱাৰ মতে এয়া পলমকৈ আহিছে, কিন্তু সঠিকভাৱে আহিছে । কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কংগ্ৰেছ সাংসদগৰাকীয়ে ।

পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে (Punjab Congress Chief Navjot Singh Sidhu) টুইট কৰি পাঞ্জাৱ চৰকাৰৰ দাবীক উল্লেখ কৰি কয় যে ক'লা আইন বাতিল কৰাটো এক সঠিক পদক্ষেপ । লগতে কৃষকসকলক উদ্দেশ্যি কয় যে কিষাণ মৰ্চাৰ সত্যাগ্ৰহে ঐতিহাসিক সফলতা লাভ কৰিছে । তেওঁলোকৰ ত্যাগে লাভান্বিত কৰিছে । লগতে পাঞ্জাৱত কৃষিৰ পুনৰুজ্জীৱিতকৰণ পাঞ্জাৱ চৰকাৰৰ প্ৰথম উদ্দেশ্য হ'ব লাগে বুলি তেওঁ উল্লেখ কৰে ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল চিব্বালে (Kapil Sibal) দিল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলৰ মৃত্যুৰ বিষয়ে উল্লেখ কৰি কয় যে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবেই চৰকাৰৰ জ্ঞান ঘূৰি আহিল । এনে সিদ্ধান্ত পূৰ্বে লোৱা হ'লে মৃত্যু হোৱা কৃষকৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন বুলিও তেওঁ আশা প্ৰকাশ কৰে । কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগিলে (Jaiveer Shergill) সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

শ্বেৰগিলৰ মতে কৃষকৰ ক্ষমতাৰ বাবে অৱশেষত বিজেপি চৰকাৰৰ অহংকাৰৰ পতন হ'ল । কিন্তু সকলোৱে মনত ৰাখিব লাগে যে বিজেপি চৰকাৰৰ অহংকাৰ ভাঙিবলৈ ৭০০ গৰাকী কৃষকে প্ৰাণ হেৰুৱালে । সেয়ে প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিব লাগে বুলি দাবী জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ।

কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেচি বেণুগোপালেও (KC Venugopal) টুইটত যোগে কৃষকসকলক অভিনন্দন জনায় । ইফালে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ ত্যাগী কেপ্টেইন অমৰিন্দৰ সিঙেও (Captain Amarinder Singh) কৃষি আইন বাতিলৰ সিদ্ধান্ত লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে । গৃহমন্ত্ৰী অমিত শ্বাহকো টেগ কৰি পাঞ্জাৱীৰ দাবী মানি লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে অমৰিন্দৰ সিঙে ।

উল্লেখ্য যে, কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে কেপ্টেইন অমৰিন্দৰ সিঙে বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছিল । য'ত তেওঁ বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দাবী জনাইছিল ।

লগতে পঢ়ক :Farm Laws Repeal : গাজিয়াবাদ সীমান্তত মিঠাই বিতৰণ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.