Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

author img

By

Published : Nov 19, 2021, 1:22 PM IST

Agitation will not be taken back, will wait for farm laws to be scrapped in Parliament

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে যদিও কৃষি আইন বিৰোধী প্ৰতিবাদ (Protest) স্থগিত নহয় । সংসদত কৃষি আইন (Farm laws) বাতিল নোহোৱা পৰ্যন্ত অপেক্ষা কৰিব কৃষকে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi) য়ে তিনিওখন কৃষি আইন বাতিল কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাচতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে (Rakesh Tikait)।

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi) য়ে তিনিখন কৃষি আইন বাতিল কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাচতে নিজৰ স্থিতি স্পষ্ট কৰিলে ভাৰতীয় কিষাণ ইউনিয়নে(Bhartiya Kisan Union) । সংগঠনটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটে (Rakesh Tikait) টুইটযোগে কয় যে, প্ৰতিবাদ(Protest) স্থগিত নহয়, পূৰ্বৰ দৰে অব্যাহত থাকিব কৃষি আইন বিৰোধী আন্দোলন । সংসদত কৃষি আইন (Farm laws) বাতিল নোহোৱা পৰ্যন্ত অপেক্ষা কৰিব কৃষকে ।

হেচটেগ 'কৃষক প্ৰতিবাদ' (#Farmers protest) লিখি তেওঁ লগতে উল্লেখ কৰে যে, ন্যূনতম সমৰ্থন মূল্য (MSP)ৰ উপৰিও কৃষকৰ অন্যান্য সমস্যাসমূহৰ বিষয়েও চৰকাৰে আলোচনা কৰা উচিত । তিনিওখন কৃষি আইন বাতিলৰ দাবীৰ বাহিৰেও আমাৰ আন দাবী সমূহৰ ভিতৰত আছিল কৃষিজাত সামগ্ৰীৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা আৰু বিদ্যুৎ সংশোধনী বিল উঠাই লোৱা, যি এতিয়াও বাকী আছে ।

উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে তিনিখন কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰে । লগতে কৃষক কল্যাণ আৰু কৃষি উন্নয়নক চৰকাৰে অগ্ৰাধিকাৰ দিয়ে বুলি মন্তব্য কৰে । প্ৰতিবাদকাৰী কৃষকসকলক নিজ নিজ ঘৰলৈ উভতি যাবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, "মই যি কৰিছিলো, সেয়া মই কৃষকসকলৰ বাবে কৰিছিলো । মই যি কৰি আছো, সেয়া দেশৰ বাবে কৰিছো । আপোনালোকৰ আশীৰ্বাদত মই কঠোৰ পৰিশ্ৰম কৰিবলৈ কেতিয়াও এৰি দিয়া নাই । আজি মই আপোনালোকক আশ্বাস দিছো যে, মই এতিয়া আৰু অধিক পৰিশ্ৰম কৰিম, যাতে আপোনালোকৰ সপোন, দেশৰ সপোনবোৰ বাস্তৱায়িত কৰিব পৰা যায় ।"

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে, আইনকেইখন বাতিল কৰাৰ সাংবিধানিক ব্যৱস্থাসমূহ সংসদৰ শীতকালীন অধিৱেশন(Winter session of Parliament)ত আৰম্ভ হ'ব । শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়া দেশবাসীয়ে তেওঁক ২০১৪ চনত দেশৰ প্ৰধান সেৱক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ দিছিল, তেতিয়া তেওঁ কৃষি উন্নয়ন আৰু কৃষকৰ কল্যাণক সৰ্বাধিক গুৰুত্ব দিছিল ।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, ২০২৪ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ এই আকস্মিক ঘোষণা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । লগতে, যদি কৃষি আইন বিৰোধী প্ৰতিবাদ দীঘলীয়া হৈ গৈ থাকে, তেন্তে এই প্ৰতিবাদে দলটোৰ জয়ৰ সম্ভাৱনাক মোক্ষম আঘাত হানিব পাৰে । যি কি নহওক, সংসদত কৃষি আইন(Farm laws) বাতিল নোহোৱা পৰ্যন্ত কৃষকে প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.