Farmers Protest:সংক্ষিপ্ত বিৱৰণ

author img

By

Published : Nov 19, 2021, 4:19 PM IST

Farmers Protest

কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছত বছৰজোৰা কৃষকৰ প্ৰতিবাদ অৱশেষত সমাপ্ত হয় । কিন্তু এই প্ৰতিবাদ কিমান ভয়ংকৰ আছিল ? এই প্ৰতিবাদে বিভিন্ন ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পেলাইছে ? ইটিভি ভাৰতে এই সকলো দিশ সামৰি প্ৰস্তুত কৰিছে এক বিশেষ প্ৰতিবেদন ।

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ : প্ৰধানমন্ত্ৰী মোডীয়ে (PM Narendra Modi) শুকুৰবাৰে কৃষি আইন (Farm laws) বাতিল কৰা হ'ব বুলি ঘোষণা কৰাৰ লগে লগে ভাৰতৰ অন্যতম বৃহৎ আন্দোলন কৃষকসকলৰ প্ৰতিবাদৰ সমাপ্তি ঘটিল । এবছৰ পূৰ্বে এই আন্দোলনৰ আৰম্ভ হৈছিল আৰু যোৱা সময়চোৱাত এই আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । লক্ষণীয়ভাৱে কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত হ'বলগীয়া কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ (Assembly Election) পূৰ্বে এই আন্দোলনৰ সমাপ্তি ঘটিল ।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত, সংসদত প্ৰস্তাৱিত তিনিখন কৃষি বিধেয়ক গৃহীত কৰাৰ বাবে চৰকাৰে দাবী উত্থাপন কৰিছিল । চৰকাৰৰ উদ্দেশ্য আছিল কৃষিৰ বাণিজ্য মুক্ত কৰা আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী স্থানীয় চৰকাৰ নিয়ন্ত্ৰিত মাণ্ডিত সীমাবদ্ধ কৰাৰ পৰিৱৰ্তে য'ত বিচাৰে বিক্ৰী কৰিবলৈ অনুমতি দিয়া । কিন্তু সমগ্ৰ দেশৰ কৃষকসকলে এই আইনক লৈ হতাশ হৈছিল আৰু তেওঁলোকে দাবী কৰিছিল যে এই কৃষি আইন তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত বাধা হিচাপে থিয় দিব আৰু বিপদজনক হ'ব ।

৩ নৱেম্বৰত দেশজুৰি পথ অৱৰোধকে ধৰি নতুন কৃষি আইনৰ বিৰুদ্ধে বিক্ষিপ্ত প্ৰতিবাদ হৈছিল । তাৰ পাছতে পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক সংগঠনসমূহে 'দিল্লী চলো' (Delhi Chalo) প্ৰতিবাদৰ আহ্বান জনাইছিল ।

২৬ নৱেম্বৰত, পাঞ্জাৱৰ কৃষকসকলে হাৰিয়ানা আৰক্ষীৰ সৈতে এক সংঘৰ্ষত লিপ্ত হোৱাৰ পাছত সিংঘু আৰু টিক্ৰি সীমান্তত উপস্থিত হৈছিল । তেতিয়াৰ পৰাই তেওঁলোকে দিল্লীৰ প্ৰচণ্ড শীত, আৰক্ষীৰ লাঠীচালনা আৰু কৰ'ণা ভাইৰাছৰ (Corona Virus) দ্বিতীয় ঢৌক নেওচি তাত প্ৰতিবাদ অব্যাহত ৰাখিছিল । তেওঁলোকে পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশলৈ যোৱা তিনিটা মুখ্য ঘাইপথৰ কাষত শ শ শিবিৰ স্থাপন কৰিছিল আৰু অস্থায়ী সামূহিক পাকঘৰ আৰু স্বাস্থ্য শিবিৰ স্থাপন কৰিছিল । ইয়াৰ দ্বাৰা এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল যে তেওঁলোক দীঘলীয়া সময়ৰ প্ৰতিবাদৰ বাবে প্ৰস্তুত আছিল ।

যিকোনো পৰিস্থিতিৰ বাবে সাজু আছিল প্ৰতিবাদকাৰীসকল

কৃষকৰ প্ৰতিনিধি আৰু চৰকাৰৰ মাজত মুঠ ১১ টা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল । কিন্তু চৰকাৰে সমাধানত উপনীত হ'ব পৰা নাছিল । চৰকাৰে কৈছিল যে এই আইনবোৰ সংশোধন কৰিব আৰু সেইবোৰ ডেৰ বছৰৰ বাবে স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল । কিন্তু কৃষকসকলে বিচাৰিছিল যে আইন সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে ।

ভাৰতীয় কিষাণ ইউনিয়নে (BKU) ১১ ডিচেম্বৰত তিনিখন কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কৃষি আইনৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিছিল আৰু উভয় পক্ষৰ কথা শুনি আইনখনৰ ওপৰত পৰামৰ্শ দিবলৈ চাৰিজনীয়া সমিতি গঠন কৰিছিল । ফাৰ্মাৰ্চ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ (প্ৰমোচন এণ্ড ফেচিলিটেশ্যন) আইন, ২০২০, প্ৰাইজ এচুৰেন্স এণ্ড ফাৰ্ম চাৰ্ভিচেছ এক্ট, ২০২০ ৰ ওপৰত কৃষক (সশক্তিকৰণ আৰু সুৰক্ষা) চুক্তি আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ কে ধৰি এই আইনবোৰ কৃষকসকলৰ মতে জীৱিকাৰ বাবে প্ৰত্যাহ্বানজনক আছিল ।

ইয়াৰ উপৰিও, নিম্নতম সমৰ্থন মূল্যত (MSP) ক্ৰয় সম্পৰ্কীয় বিষয়টো কৃষি আইনৰ অধীনত ভাবুকি আহিব পাৰে বুলি তেওঁলোকে আশংকা কৰিছিল । কৃষকসকলে ২০২০ চনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চল অধ্যাদেশত বায়ু গুণমান ব্যৱস্থাপনাৰ অধীনত শস্য জ্বলোৱাৰ জৰিমনা ব্যৱস্থাৰ পৰা মুক্ত হ'ব বিচাৰিছিল আৰু প্ৰস্তাৱিত বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২০ (Electricity Amendment Bill ) প্ৰত্যাহাৰৰ দাবী জনাইছিল । কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদকাৰী কৃষক উভয়েই তেওঁলোকৰ মতত অটল আছিল আৰু সেয়েহে প্ৰতিবাদ অব্যাহত আছিল ।

প্ৰতিবাদৰ সময়ত জীৱিকা আৰু প্ৰাণহানি

পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ (Punjabi University) সহযোগত দুগৰাকী অৰ্থনীতিবিদৰ দ্বাৰা কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰতিবাদত প্ৰায় ৬০০ কৃষকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে । দিল্লীৰ সীমাত কৃষকসকলৰ প্ৰতিবাদৰ আঁৰত বেছিভাগ 'ধনী কৃষক' আছে বুলি কৰা দাবীৰ বিপৰীতে মৃত্যু হোৱা সকল ক্ষুদ্ৰ, মজলীয়া কৃষক আৰু ভূমিহীন খেতিয়ক আছিল । যিসকলে গঢ়ে ২.৯৪ একৰ ভূমিতকৈ বেছি ভূমিত খেতি কৰা নাছিল । মালৱা অঞ্চলত প্ৰতিবাদত সৰ্বাধিক কৃষকে অংশগ্ৰহণ কৰাৰ লগতে তাত সৰ্বাধিক কৃষকৰ মৃত্যু হৈছিল ।

অধ্যয়নটোত প্ৰকাশ পাইছে যে সৰ্বাধিক কৃষকৰ মৃত্যুৰ কাৰণ আছিল বতৰৰ পৰিস্থিতি । শীতকালৰ সময়খিনি অত্যাধিক প্ৰত্যাহ্বানৰ আছিল । দিল্লীৰ বাহিৰত অস্থায়ী শিবিৰত থকা কৃষকসকলৰ বাবে গ্ৰীষ্মকালত প্ৰচণ্ড গৰম বতাহ সমানে অসহনীয় আছিল । সাধাৰণ পাকঘৰত প্ৰস্তুত কৰা খাদ্যই কৃষকসকলক পৰ্যাপ্ত পুষ্টি প্ৰদান কৰিব নোৱাৰে বুলিও অধ্যয়নটোত আশংকা কৰা হৈছে ।

অধ্যয়নটোৱে লগতে প্ৰকাশ কৰিছে যে আন্দোলনত মৃত্যু হোৱা সকল কৃষক সমাজৰ নিম্নতম স্তৰৰ আছিল । ইয়াৰ অৰ্থ হৈছে যে প্ৰতিবাদত মৃত্যু হোৱা দৰিদ্ৰ কৃষকসকলৰ বহুতৰে মূৰত অত্যাধিক ঋণৰ বোজা আছিল ।

ইয়াৰ উপৰিও, কেইবাটাও হিংসাত্মক ঘটনাই কৃষকসকলৰ জীৱনতো প্ৰভাৱ পেলাইছিল । গণৰাজ্য দিৱসত কৃষক সংগঠনসমূহে আহ্বান জনোৱা ট্ৰেক্টৰ ৰেলীৰ (Tractor Rally) সময়ত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আইন বাতিলৰ দাবীত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । লালকিল্লাত প্ৰতিবাদকাৰীৰ এটা অংশই খুটা আৰু দেৱাল বগাই নিশান চাহিবৰ পতাকা উত্তোলন কৰে । এগৰাকী প্ৰতিবাদকাৰীয়ে এই আন্দোলনত প্ৰাণ হেৰুৱাইছিল ।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী ঘটনাত কৃষকৰ মৃত্যু হৈছিল । এই ঘটনাত আঠগৰাকী লোক নিহত হৈছিল । তাৰ ভিতৰত চাৰিগৰাকী কৃষক আছিল । এই ঘটনাৰ এটা ভিডিঅ' পোহৰলৈ অহাৰ পাছতে বিজেপি নেতা অজয় মিশ্ৰৰ (BJP leader Ajay Mishra) পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল ।

সমগ্ৰ দেশৰ পৰা সমৰ্থন লাভ কৰিছিল কৃষকৰ প্ৰতিবাদে

NCRBৰ মতে ২০১৯ চনত দেশৰ ১২ খন ৰাজ্যত কৃষকৰ প্ৰতিবাদ হৈছিল আৰু ২০২০ চনত এই সংখ্যা বৃদ্ধি হৈ ১৫ হৈছিল । এক অনুসন্ধানত পোহৰলৈ আহিছে তিনি বছৰত প্ৰতিবাদৰ সংখ্যা হ্ৰাস হৈছিল যদিও ২০২০ চনত প্ৰতিবাদৰ সংখ্যা বৃদ্ধি হৈছিল । দিল্লীৰ প্ৰতিবাদকাৰী কৃষকসকল মুখ্যতঃ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ আছিল ।

দিল্লীস্থিত বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰৰ ভাৰতৰ পৰিৱেশ, ২০২১ ৰ প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষত কমেও ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষকসকলে কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ সমৰ্থনত আগবাঢ়ি আহিছিল । সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ আধাৰত প্ৰকাশিত বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰতিবাদবোৰ বেছিভাগ বিতৰ্কিত তিনিখন কৃষি আইন, ৰাজ্যিক আইন, কৃষি খণ্ডৰ বাবে বাজেট আৱণ্টন, বজাৰ আৰু মূল্য সম্পৰ্কীয় চৰকাৰৰ বিফলতা আৰু শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্যৰ বিৰুদ্ধে আছিল । একাংশ ৰাজ্য চৰকাৰেও এই প্ৰতিবাদসমূহৰ সমৰ্থনত আগবাঢ়ি আহিছিল যিয়ে দেশজুৰি প্ৰতিক্ৰিয়া লাভ কৰিছিল আৰু আন্তৰ্জাতিক পৰ্যায়ত ই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । ভাৰতৰ সাতখন ৰাজ্য ক্ৰমে পাঞ্জাৱ, ৰাজস্থান, ছট্টিশগড়, দিল্লী, কেৰালা, পশ্চিমবংগ আৰু তামিলনাডুৱে কৃষি আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিছিল ।

অৰ্থনীতিৰ ওপৰত প্ৰতিবাদৰ প্ৰভাৱ

কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT)ৰ মতে, কৃষকসকলৰ প্ৰতিবাদৰ ফলত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পাঞ্জাৱ আৰু ৰাজস্থানকে ধৰি ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহে প্ৰায় ২৭,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল । ভাৰতীয় এছ'চিয়েটেড চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (ASSOCHAM) কোৱা মতে যে কৃষি আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে পাঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশকে ধৰি অঞ্চলটোৰ আন্তঃসংযোগযুক্ত অৰ্থনীতিৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । ভাৰতীয় এছ'চিয়েটেড চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ তথ্য অনুসৰি এই প্ৰতিবাদৰ ফলত হোৱা ভেল্যু চেইন (Value Chain) আৰু পৰিবহণত হোৱা ব্যাঘাতৰ ফলত অঞ্চলটোৰ অৰ্থনীতিয়ে দৈনিক ৩,০০০-৩৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় পথ, পৰিবহণ, ঘাইপথ আৰু এমএছএমই (MSME) মন্ত্ৰী নীতিন গাডকাৰীয়ে জনাইছিল যে তিনিখন ৰাজ্যত কৃষকৰ আন্দোলনৰ ফলত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৬ মাৰ্চ ২০২১ লৈকে টোল ৰাজহৰ ক্ষেত্ৰত ৮১৪.৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক:Congress Allegation : ‘‘আহি থকা নিৰ্বাচনৰ ভয়ত কেন্দ্ৰই বাতিল কৰিলে কৃষি আইন’’ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.