ETV Bharat / state

তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

author img

By

Published : Apr 28, 2021, 8:06 AM IST

Updated : Apr 28, 2021, 11:45 AM IST

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি
earthquake in assam

08:00 April 28

ৰাজ্যত বুধবাৰে পুৱাৰ ভাগত তিনিটাকৈ ভূমিকম্প ৷ ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৷ ৰাজ্যত বিস্তৰ ক্ষতিসাধন ৷

নিউজ ডেস্ক,28 এপ্ৰিল: বুধবাৰে পুৱাৰ ভাগত তিনিটাকৈ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য ৷ পুৱা 7.50 বজাত অনুভূত হয় প্ৰথমটো জোকাৰণি ৷ 6.7 প্ৰাবল্যৰে প্ৰায় 30 ছেকেণ্ড সময় ধৰি অনুভূত হয় এই জোকাৰণিটো ৷

আনহাতে, দ্বিতীয়টো জোকাৰণি অনুভূত হয় 7.58 বজাত ৷ ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বুলি জানিব পৰা গৈছে ৷ এই কম্পনে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হয় ৷

ভূমিকম্পৰ জোকাৰণিত বিস্তৰ ক্ষতিসাধন হয় মহানগৰীস্থিত হোটেল তাজ ভিভাণ্টা, গণেশগুৰিৰ বি কে টাৱাৰ, আকাশবাণী গুৱাহাটী, দিছপুৰ হাস্পতাল আদিৰ দেৱালসমূহ ৷ ইয়াৰ লগতে নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিৰ এটা বিশাল অট্টালিকা হালি পৰে ।

ইফালে তেজপুৰ চহৰৰ নিকটৱৰ্তী ঘগৰা খেলমাটিত মাটি ফুটি তলৰ পৰা বালি-পানী ওলাবলৈ আৰম্ভ কৰে ৷ এই ঘটনাই ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ ৷ উল্লেখ্য যে, অসমৰ লগতে উত্তৰ-পূৱৰ অন্য ৰাজ্য আৰু বিহাৰতো ভূমিকম্পৰ তীব্ৰ জোকাৰণি পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ ভূমিকম্পৰ পাচৰ দৃশ্য

Last Updated :Apr 28, 2021, 11:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.