ETV Bharat / state

Assam Border dispute: চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

author img

By

Published : Apr 1, 2023, 5:07 PM IST

ৰাজ্যৰ বৃহৎ পৰিমাণৰ ভূমি আছে চুবুৰীয়া ৰাজ্যৰ বেদখলত ৷ এই তথ্য সদৰী কৰিছে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷ নাগালেণ্ডে সৰ্বাধিক ৫৯৪৯০.২১ ভূমি বেদখল কৰি আছে (Assam border tense) ৷

Assam Border dispute
চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

গুৱাহাটী, ১ এপ্ৰিল: চুবুৰীয়া ৰাজ্য মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডে অসমৰ ৮২৭৫১.৬৪ হেক্টৰ ভূমি বেদখল কৰি আছে ৷ এই তথ্য ৰাজ্য চৰকাৰৰ ৷ শেহতীয়াভাৱে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত এই তথ্য সদৰী কৰিছে ৷ চুবুৰীয়া ৰাজ্যৰ ভিতৰত নাগালেণ্ডে সৰ্বাধিক অসমৰ ভূমি বেদখল কৰি আছে ৷ সৰ্বাধিক ৫৯৪৯০.২১ হেক্টৰ ভূমি বেদখল কৰি আছে নাগালেণ্ডে (Nagaland occupied land of Assam) ৷

আকৌ মিজোৰামে ৩৬৭৫.৭৮ হেক্টৰ ভূমি বেদখল কৰি আছে ৷ ইফালে মেঘালয়ে ৩৪৪১.৮৬ হেক্টৰ ভূমি বেদখল কৰি আছে ৷ আনহাতে অৰুণাচল প্ৰদেশে ১৬১৪৪ হেক্টৰ ভূমি বেদখল কৰি আছে ৷ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত অৱগত কৰে যে বিগত তিনিটা বছৰত অসম-মেঘালয় সীমান্তৰ খান্দুলী, অমপোখোলংগ, ওলুকুঞ্চী, অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ, অসম-নগালেণ্ড সীমান্তৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল, অসম-অৰুণাচলৰ দেওপানী সংৰক্ষিত বনাঞ্চল আৰু বগীজুলিত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন তথা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে (Assam land occupied by neighboring states) ৷

তথ্য মতে ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখে মিজো দুৰ্বৃত্তই কৰিমগঞ্জ জিলাৰ ৰাভাবাৰী এলেকাত স্থানীয় লোকৰ খেতি পথাৰ নষ্ট কৰিছিল ৷ ২০২১ চনৰ ২৬ জুলাই তাৰিখে কাছাৰ জিলাৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত ৬ জন অসম আৰক্ষী মৃত্যু হোৱাৰ উপৰিও মুঠ ৬৪ জন আহত হয় (Assam border dispute) ৷

২০২০ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে হাইলাকান্দি জিলাৰ ভৈৰৱী নালাৰ ওচৰৰ মূলিৱালা এল. পি. স্কুলত মিজো দুৰ্বৃত্তই বিস্ফোৰণ ঘটোৱাৰ ফলত স্কুলখনৰ ক্ষতিসাধন হয় ৷ ২০২১ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে হাইলাকান্দি জিলাৰ জালনাচেৰাত মিজো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত স্থানীয় ২০ টা পৰিয়ালৰ মুঠ ২৭ ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে ৩ জন লোক আঘাত প্ৰাপ্ত হয় (Encroachment of Assam land) ।

২০২১ চনৰ ৪ জুন তাৰিখে হাইলাকান্দি জিলাৰ গোলাচেৰাত মিজো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত ২ টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় আৰু এটা ঘৰৰ কিছু পৰিমাণে ক্ষতিসাধন হয় ৷ ২০২১ চনৰ ২৫ জুলাই তাৰিখে হাইলাকান্দি জিলাৰ বিলাইপুৰ ধলচেৰা অঞ্চলত মিজো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত কেইটামান ঘৰৰ ক্ষতিসাধন হয় ৷ ২০২১ চনৰ ১৪ আগষ্ট তাৰিখে হাইলাকান্দি জিলাৰ চাহাবখাৰাত মিজো দুৰ্বৃত্তই পকুবা পুঞ্জি এল. পি. স্কুল চৌহদত বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত স্কুলখন ক্ষতিসাধন হয় (Mizoran occupied Assam land) ৷

২০২১ চনৰ ২৯ অক্টোবৰ তাৰিখে হাইলাকান্দি জিলাৰ বাইচেৰা অঞ্চলত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ কৰে ৷ ২০২১ চনৰ ২২ নবেম্বৰ তাৰিখে হাইলাকান্দি জিলাৰ হাতিচেৰা অঞ্চলত মিজোৰাম চৰকাৰে মাটি খান্দি ৰাস্তা নির্মাণ কৰে । ২০২০ চনৰ ১০ নবেম্বৰ তাৰিখে যোৰহাট জিলাৰ দিচৈভেলী ৰিজাৰ্ভ ফৰেষ্টৰ হাবি-জংঘল নগা দুৰ্বৃত্তই কাটি ধ্বংস কৰে ৷

২০২১ চনৰ ২৭ মে’ তাৰিখে যোৰহাট জিলাৰ দিচৈ ভেলী ৰিজাৰ্ভ ফৰেষ্টৰ অধীনৰ অসম নাগালেণ্ড সীমান্তবর্তী অঞ্চলত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে স্থানীয় ৰাইজৰ সৈতে পৰিদৰ্শন কৰিবলৈ যাওঁতে ৫/৬ টা ভঙা জুপুৰী ঘৰ দেখি ঘৰবোৰ উঠাই দিবলৈ চেষ্টা কৰোঁতে নগালোকে তেওঁলোকক তাৰ পৰা আঁতৰি যাবৰ বাবে ধমক দিয়ে ৷ সেই দিনাই বিয়লি ২.৩০ মান বজাত নগা দুৰ্বৃত্তই গুলীচালনা কৰাত অসম আৰক্ষীয়ে প্ৰত্যুত্তৰত ১৫ জাঁই গুলীচালনা কৰে (Assam Nagaland border tense) ৷

চলিত বৰ্ষৰ অৰ্থাৎ ২০২৩ চনৰ ১৫ মাৰ্চ তাৰিখে যোৰহাট জিলাৰ দিচৈভেলী ৰিজাৰ্ভ ফৰেষ্টৰ্ত বন বিভাগৰ এটা দলে তহলদাৰী কৰি থাকোতে ২০-৩০ জন নগা দুৰ্বৃত্তই কম্পার্টমেন্ট নং ১৫ অঞ্চলৰ গছ গছনি কাটি ধ্বংস কৰি থকা দেখা পায় আৰু উক্ত নগা দুৰ্বৃত্তই গুলীচালনা কৰে ৷

লগতে পঢ়ক: Naga miscreants open fire: অসমৰ বনকৰ্মীলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.