Naga miscreants open fire: অসমৰ বনকৰ্মীলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তৰ গুলীচালনা

By

Published : Mar 15, 2023, 4:24 PM IST

thumbnail

যোৰহাট, 15 মাৰ্চ: যোৰহাট জিলাৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা (Naga miscreants open fire)  ৷ বনকৰ্মীৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি থকা নগা দুৰ্বৃত্তক বাধা দিবলৈ গৈছিল বন বিভাগৰ এটা দল ৷ নগা বেদখলকাৰীয়ে অসমৰ বন বিষয়া-কৰ্মচাৰীলৈ লক্ষ্য কৰি 4 জাঁই গুলী নিক্ষেপ কৰে (Firing at Assam Nagaland Border) ৷

সৌভাগ্যক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে বনকৰ্মীৰ দলটো ৷ ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীৰ এটা দলো উপস্থিত আছিল ৷ বৰ্তমানেও বনাঞ্চলখনত শতাধিক অস্ত্ৰধাৰী নগা লোকে অৱস্থান কৰি আছে (Assam Nagaland border firing) ৷  

ইয়াকে লৈ সীমান্তবাসী অসমীয়াৰ মাজত বৃদ্ধি পাইছে আতংক ৷ ইফালে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ এটা বৃহৎ দল ৷ যিকোনো সময়তে অসম-নাগালেণ্ড সীমান্তত সৃষ্টি হ’ব পাৰে অপ্ৰীতিকৰ পৰিস্থিতি ৷  উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে নিশাই নগাই অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বহু বিঘা বনভূমি জ্বলাই ধ্বংস কৰিছিল ৷

লগতে পঢ়ক: Naga Encroachment at Morioni: পুনৰ মৰিয়নি দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত নগাৰ অগ্নিসংযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.