Naga Encroachment at Morioni: পুনৰ মৰিয়নি দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত নগাৰ অগ্নিসংযোগ

author img

By

Published : Mar 7, 2023, 9:11 PM IST

Naga Encroachment at Morioni

আকৌ অসমৰ ভূমিত নগাৰ অতপালি ৷ পুনৰ দিন দুপৰতে মৰিয়নি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই কৰিলে অগ্নি সংযোগ (Naga set fire on Assam reserve forest) ৷ যাক লৈ শংকিত এতিয়া সীমামূৰীয়া ৰাইজ ৷ উক্ত ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল ।

আকৌ অসমৰ ভূমিত নগাৰ অতপালি

যোৰহাট, 7 মাৰ্চ : অসমৰ মাটিত পুনৰ নগাৰ অতপালি ৷ এইবাৰ যোৰহাট জিলাৰ মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত পুনৰ নগা দুস্কৃতিকাৰীয়ে দিন দুপৰতে অগ্নি সংযোগ কৰে ৷ প্ৰায় 10 দিনৰ ভিতৰত উক্ত স্থানত দ্বিতীয়বাৰৰ বাবে অগ্নি সংযোগ কৰিলে নগা দুস্কৃতিকাৰীয়ে । যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ সীমামূৰীয়া ৰাইজ ৷

অসমৰ সংৰক্ষিত বনাঞ্চলত নগাই পৰম্পৰাগত জুম খেতিৰ বাবে অগ্নি সংযোগ কৰিছে বুলি জানিব পৰা গৈছে । নগাই যি স্থানত অগ্নিসংযোগ কৰিছে, সেই স্থানৰ দাঁতিতে নগা দুষ্কৃতিকাৰীয়ে অৱস্থান কৰি থকা বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে (Naga set fire on Assam reserve forest) ৷

ইফালে উক্ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষী আৰু বন বিভাগৰ লোকক ৷ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ বহু সময়ৰ পাচতহে মঙলবাৰে ঘটনাস্থলীত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হোৱা বুলি অভিযোগ তৰিছে অঞ্চলটোৰ লোকে ৷ উল্লেখ কৰা প্ৰয়োজন যে, দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই বিগত সময়চোৱাত বনাঞ্চলৰ মূল্যৱান গছ-গছনি কাটি তহলিং কৰি সেই স্থানত কাঠফলা মিল পৰ্যন্ত স্থাপন কৰিছিল ৷

লগতে পঢ়ক : Assam Nagaland border dispute: পুনৰ অসমৰ বনাঞ্চল ধ্বংস অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ

লগতে নগা দুৰ্বৃত্তই অসমৰ ভূমি অবৈধভাৱে বেদখল কৰি (Naga encroachment in Assam border) তাত কাঠফলা মিল স্থাপনো কৰিছিল ৷ এই বিষয়টোৰ সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনে অৱগত হোৱাৰ লগে লগে সেই মিল তথা নগাৰ অবৈধ দখল উচ্ছেদ কৰিবলৈ গৈছিল ৷ কিন্তু সেই সময়ত যোৰহাট প্ৰশাসনক নগাই ভয় ভাবুকি প্ৰদান কৰি উক্ত স্থান পৰাৰ খেদি পঠায়ায় ৷

সেই ঘটনা মাৰ নৌযাওঁতে নাগালেণ্ড বিধাসভা নিৰ্বাচনৰ গইনা লৈ নগা দুৰ্বৃত্তই পুনৰ মৰিয়নি সংৰক্ষিত বনাঞ্চল দখল কৰি বহু বিঘা ভূমিত অগ্নিসংযোগ কৰি ধ্বংস কৰিছে । নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ নেডা আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁট চৰকাৰ শাসনলৈ আহিলে অসম নাগালেণ্ড সীমা সমস্যা সমাধানৰ আশ্বাস দিছিল ৷

কিন্তু সেই আশ্বাসৰ বিপৰীতে গৈ নগাই অসমৰ ভূমিত ধাৰাবাহিকভাৱে আগ্ৰাসন চলাই আহিছে (Assam land occupied by Naga miscreants)। এই বিষয়টো কিদৰে অসম প্ৰশাসনে গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যনীয় হৈ পৰিব ।

লগতে পঢ়ক : Naga Encroachment in Morioni: মৰিয়নিত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ, ধ্বংস শ শ বিঘা বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.