ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 6, 2021, 5:06 PM IST

TOP 10 AT 5PM
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

নতুন SOP মানি মাস্ক পৰিধান কৰি শিক্ষানুষ্ঠানত উপস্থিত শিক্ষাৰ্থী

শিক্ষাৰ্থীসকলৰ বাবে আজি বিশেষ দিন ৷ শিক্ষা বিভাগৰ নিৰ্দেশৰ পাচতে সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া । প্ৰায় পাঁচ মাহৰ বিৰতিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত দেখা যায় এক উৎসাহমুখৰ পৰিৱেশ ৷

৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বিজেপি চৰকাৰক কেইবাটাও বিষয় সন্দৰ্ভত কঠোৰ সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ এই বিষয়সমূহৰ ভিতৰত অন্যতম আছিল কাগজকলৰ প্ৰসংগ ৷

চাউলৰ ক’লা ব্যৱসায় চলিবলৈ দিয়া নহ’ব ৰাজ্যত : ৰণজিৎ কুমাৰ দাস

চাউলৰ ক’লা ব্যৱসায় চলিবলৈ দিয়া নহ’ব ৰাজ্যত । ইতিমধ্যেই বৰপেটাত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ দুৰ্নীতিত লিপ্ত পঞ্চায়ত প্ৰতিনিধি বা বিষয়া কৰ্মচাৰীক জেললৈ পঠোৱাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । বৰপেটাত এই কথা ক’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ধুবুৰী আৰক্ষীৰ জালত MGNREGA ৰ দুৰ্নীতিত অভিযুক্ত দুই শীৰ্ষ বিষয়া

ধুবুৰী আৰক্ষীৰ(Dhubri Police) জালত এম জি এনৰেগা(MGNREGA) আঁচনিৰ বৃহৎ দুৰ্নীতিৰ গোচৰত অভিযুক্ত দুই বিষয়া ৷ এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত লক্ষাধিক টকাৰ দুৰ্নীতি(Corruption) সংঘটিত কৰা গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলামক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেওবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

অনলাইন ক্লাছৰ তুলনাত অফলাইন ক্লাছ কৰি অধিক সুখী ছাত্ৰ-ছাত্ৰী

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ক'ভিড নীতি নিয়ম মানি সোমবাৰে খুলি দিয়া হ’ল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ বহুদিনৰ বিৰতিৰ পাছত সহপাঠীসকলক লগ পাই আনন্দিত হৈ পৰিছে শিক্ষাৰ্থী সকল ৷ অনলাইন ক্লাচতকৈ অফলাইন ক্লাছৰ গুৰুত্ব অধিক বুলি একে মুখে ব্যক্ত কৰিলে বহু ছাত্ৰ-ছাত্ৰীয়ে ৷

অৱশেষত ভাৰতলৈ উভতি আহিব ছলমান ৰুশ্বদী

ভাৰতলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে বুকাৰ বঁটা বিজয়ী লেখক ছলমান ৰুশ্বদীয়ে । ভাৰততে ৰচনা কৰিব তেওঁ নতুন উপন্যাস । শেহতীয়াকৈ এই কথা নিজেই প্ৰকাশ কৰিছে ব্ৰিটিছ-আমেৰিকান লেখক ছলমান ৰুশ্বদীয়ে ।

ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা : অনুৰাগীয়ে ল’ব পাৰিব ভাগ

সোমবাৰে সন্ধিয়া 5 বজাত ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হ’ব প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা ৷ পৰিয়ালৰ তৰফৰ পৰা অনুৰাগীসকলক Zoom লিংকৰ জৰিয়তে সভাখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় অভিনেতা কৰণবীৰ বোহৰাই ৷

পৰিয়ালৰ সন্মুখতে মহিলা আৰক্ষীক গুলীয়াই হত্যা তালিবানীৰ

আফগানিস্তানত তালিবানৰ শাসনভাৰ গ্ৰহণৰ পিছতে সুৰক্ষাক লৈ শংকিত হৈ পৰিছে দেশখনৰ মহিলাসকল ৷ কিন্তু ইয়াৰ মাজতে আহিছে এক ঘটনা ৷ এগৰাকী মহিলা আৰক্ষী বিষয়াক পৰিয়ালৰ লোকৰ সন্মুখতে গুলীয়াই হত্যা কৰিলে তালিবানী যোদ্ধাই ৷

পঞ্জশিৰ দখললৈ অনাৰ দাবী তালিবানৰ

আফগানিস্তানৰ অন্তিমখন প্ৰদেশ পঞ্জশিৰত দখল সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে সন্ত্ৰাসবাদী সংগঠন তালিবানে ৷ তালিবানৰ এই দাবীৰ বিপৰীতে আফগান ৰেজিষ্টেন্স ফ্ৰণ্টে এই দাবী নাকচ কৰিছে ৷

ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ ছোৱালী দল

8 ছেপ্তেম্বৰৰ পৰা 12 ছেপ্তেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া 19 বছৰৰ অনুৰ্ধৰ ছোৱালীৰ হেণ্ডবল প্ৰতিযোগিতা (Handball Competition) ৷ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দলটো ৷ দেওবাৰে গুৱাহাটীৰ পৰা লক্ষ্ণৌলৈ ৰাওনা হয় 16 জনীয়া ছোৱালীৰ দলটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.