অৱশেষত ভাৰতলৈ উভতি আহিব ছলমান ৰুশ্বদী

author img

By

Published : Sep 6, 2021, 4:04 PM IST

Updated : Sep 7, 2021, 2:18 PM IST

Salman Rushdie plans to return India

ভাৰতলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে বুকাৰ বঁটা বিজয়ী লেখক ছলমান ৰুশ্বদীয়ে । ভাৰততে ৰচনা কৰিব তেওঁ নতুন উপন্যাস । শেহতীয়াকৈ এই কথা নিজেই প্ৰকাশ কৰিছে ব্ৰিটিছ-আমেৰিকান লেখক ছলমান ৰুশ্বদীয়ে ।

নেশ্যনেল ডেস্ক, ৬ ছেপ্টেম্বৰ: বহু বছৰ ধৰি স্বদেশৰ পৰা আঁতৰত থকাৰ পিছত জন্মভূমিলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে ব্ৰিটিছ-আমেৰিকান লেখক ছলমান ৰুশ্বদীয়ে । টাইমছ লিটফেষ্টৰ এক অনুষ্ঠানত বক্তব্য আগবঢ়াই থকাৰ সময়তে এই কথা প্ৰকাশ কৰিছে বুকাৰ বঁটা বিজয়ীগৰাকীয়ে । এখন নতুন উপন্যাসৰ কামতে তেওঁ ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে ।

তেওঁ জনোৱা মতে, বিগত ১০ বছৰত তেওঁ পশ্চিমীয়া বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি উপন্যাস ৰচনা কৰিছে আৰু ইয়াৰে বেছিসংখ্যক উপন্যাস আমেৰিকা আৰু ইংলেণ্ডৰে সম্পৰ্কিত কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা হৈছে । তেওঁ এতিয়া ভাৱে যে, এয়াই ভাৰতলৈ উভতি অহাৰ উত্তম সময় । ভাৰতৰ কাহিনীৰ আধাৰত তেওঁ এইবাৰ উপন্য়াস ৰচনা কৰিব ।

এই নতুন উপন্যাসখনৰ কাম বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে বুলি তেওঁ জানিবলৈ দিছে । সেয়ে, এই কামখিনি কিছু আগবঢ়াবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে । তেওঁ কৈছে যে, এই উপন্যাসখনৰ কাম সম্পূৰ্ণৰূপে ভাৰততে হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ অৰ্থ হৈছে যে, তেওঁ উপন্যাসৰ কামৰ বাবে ভাৰতলৈ উভতি যাব লাগিব ।

২০১৩ চনত তেওঁ শেষবাৰৰ বাবে ভাৰতলৈ আহিছিল । দীপা মেহতাৰ "মিডনাইটছ চিলড্ৰেন"(Midnight's Children) প্ৰচাৰৰ বাবে তেওঁ ভাৰতলৈ আহিছিল আৰু এই গ্ৰন্থখন ৰুশ্বদীৰ একে নামৰ বুকাৰ বিজয়ী গ্ৰন্থখনৰ আধাৰত ৰচনা কৰা হৈছিল । ১৯৮৮ চনত ৰুশ্বদীৰ "চেটানিক ভাৰ্চেছ"(Satanic Verses) নামৰ উপন্যাসখনক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু তেতিয়াৰে পৰা তেওঁ ভাৰত ভ্ৰমণ কৰাৰ পৰা বিৰত থাকে ।

নিজকে "বম্বেৰ ল'ৰা" বুলি পৰিচয় দিয়া ৭৪ বছৰীয়া ৰুশ্বদীয়ে ভাৰতলৈ উভতি অহাৰ প্ৰসংগত কয় যে, ধৰ্মীয় বাধা অথবা নিৰাপত্তাজনিত সমস্যাই তেওঁ ভাৰতলৈ উভতি অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে । যি কি নহওক, তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে, পৰিস্থিতি কিছু সুস্থিৰ হ'লে তেওঁ ভাৰতলৈ উভতি আহিব । জন্মভূমিলৈ আহিব নোৱাৰাটো তেওঁৰ বাবে অতি দুখজনক বুলি ৰুশ্বদীয়ে মন্তব্য কৰে ।

ভাৰতলৈ উভতি অহাটো তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে । ৰুশ্বদীয়ে দৃঢ়ভাৱে কয় যে, তেওঁ এইবাৰ ভাৰতলৈ উভতি আহিব । ৰুশ্বদীয়ে লগতে ১৯৮০ চনত তেওঁ লিখি উলিওৱা "মিডনাইটছ চিলড্ৰেন"(Midnight's Children)ৰ প্ৰসংগও উত্থাপন কৰে । তেওঁ কয় যে, তেওঁ নিশ্চিত নাছিল যে ইংৰাজী ভাষাত ভাৰতীয় লিখনি ইমান প্ৰাসংগিক হৈ পৰিব ।

তেওঁ ভাৱিছিল যে, আন বহুতো ভাষাত তেওঁ লিখিবলৈ বাকী আছে । ইংৰাজী ভাষাত ভাৰতীয় লিখনিৰ কোনো আদৰ নাথাকিব বুলি ভৱাটো তেওঁৰ ভুল আছিল বুলি ৰুশ্বদীয়ে প্ৰকাশ কৰে । তেওঁ লগতে কয় যে, বৰ্তমানৰ প্ৰজন্মৰ ভাৰতীয় লিখক সকলে সকলো সম্ভৱপৰ লিখন শৈলী আৰু ধাৰাত লিখামেলা কৰে, যি যথেষ্ট আশাপ্ৰদ ।

১২ খন উপন্যাস আৰু প্ৰবন্ধ আৰু অকাল্পনিক কাহিনীৰ বহু সংকলনেৰে সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে কয় যে, তেওঁ কম বেছি পৰিমাণে কাৰ্যালয়ৰ চাকৰিৰ দৰে উপন্যাস লিখাৰ কামটো কৰি আছে ।

ৰাতিপুৱাতকৈ নিশাহে ভালদৰে কাম কৰি ভাল পোৱা বুলি কৈ ৰুশ্বদীয়ে কয় যে, তেওঁ সাধাৰণতে পুৱা ১০ বজাত কাম আৰম্ভ কৰে । এগৰাকী চাকৰি কৰা ব্যক্তিয়ে কাম কৰাৰ দৰে তেওঁ কাম কৰে ৰুশ্বদীয়ে জানিবলৈ দিয়ে । এখন কিতাপ লিখাৰ সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে, যদি কিতাপখনৰ আৰম্ভণিৰ পৰ্যায়ৰ কাম চলি আছে তেন্তে তেওঁ ৩-৪ ঘণ্টাকৈ কাম কৰে আৰু যদি কিতাপখনৰ শেষৰচোৱাৰ কাম কৰে তেন্তে, তেওঁ ১২ ঘণ্টাৰো অধিক সময় পৰ্যন্ত তেওঁ কাম কৰে ।

তেওঁ লিখে, কিছু সময় শোৱে আৰু পুনৰ লিখে । মাজে মাজে খাদ্য গ্ৰহণ কৰে । এনেদৰেই তেওঁ একো একোখন জনপ্ৰিয় উপন্যাস লিখি উলিয়ায় । যি কি নহওক, এতিয়া ছলমান ৰুশ্বদীৰ ভাৰতলৈ অহাৰ বাতৰিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাটো নিশ্চিত ।

লগতে পঢ়ক:নতুন শিখৰ স্পৰ্শ কৰিব ভাৰত-বাংলাদেশৰ সম্পৰ্কই !

Last Updated :Sep 7, 2021, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.