ETV Bharat / international

পঞ্জশিৰ দখললৈ অনাৰ দাবী তালিবানৰ

author img

By

Published : Sep 6, 2021, 1:18 PM IST

আফগানিস্তানৰ অন্তিমখন প্ৰদেশ পঞ্জশিৰত দখল সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে সন্ত্ৰাসবাদী সংগঠন তালিবানে ৷ তালিবানৰ এই দাবীৰ বিপৰীতে আফগান ৰেজিষ্টেন্স ফ্ৰণ্টে এই দাবী নাকচ কৰিছে ৷

Taliban claim Panjshir Valley completely captured
পঞ্জশিৰ নিজৰ দখললৈ অনাৰ দাবী তালিবানৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ : পঞ্জশিৰ উপত্যকা সম্পূৰ্ণৰূপে নিজৰ দখললৈ অনা বুলি দাবী কৰিছে তালিবানে ৷ গুৰুতৰ সংঘৰ্ষৰ অন্তত অৱশেষত শেষৰখন আফগানিস্তান উপত্যকা নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱা বুলি তালিবানে দাবী কৰাৰ কথা প্ৰকাশ পাইছে AFP ত ৷ সম্প্ৰতি উপত্যকাখনত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে ৷

দেওবাৰে ৰেজিষ্টেন্স ফ্ৰণ্টৰ (resistance Front ) নেতা আহমেদ মছুদে কয়, তেওঁ যুদ্ধৰ সমাপ্তি ঘটাই নিস্পত্তিকৰণৰ বাবে ধৰ্মীয় পণ্ডিতসকলে দিয়া পৰামৰ্শক আদৰণি জনাইছে ৷ উল্লেখ্য যে, যোৱা কিছুদিন ধৰি আফগানিস্তানৰ পঞ্জশিৰত তালিবানী যোদ্ধা আৰু ৰেজিষ্টেন্স ফ’ৰ্চৰ মাজত সংঘৰ্ষ সংঘটিত হৈ আছিল ৷

তালিবানৰ জ্যেষ্ঠ বিষয়াসকলে দেওবাৰে কাবুলত ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমাৰ আণ্ডাৰচেক্ৰেটেৰী জেনেৰেলক সাক্ষাৎ কৰে ৷ তেওঁ আফগান জনসাধাৰণৰ বাবে সহায় বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়া বুলি জনায় তালিবানৰ মুখপাত্ৰ সুহেইল শ্বাহিনে ।

লগতে পঢ়ক : পঞ্জশিৰত ৰেজিষ্টেন্স ফ’ৰ্চৰ আক্ৰমণত নিহত 600 তালিবানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.