
প্ৰতিবাদত উত্তাল দুলীয়াজান, অইল ইণ্ডিয়াৰ অধ্যক্ষৰ পুত্তলিকা দাহ আছুৰ - AASU Protest In Duliajan
Aasu Blocked Oil India Headquarter: অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উদ্যোগ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ । কাৰ্যালয়ৰ ভিতৰত আৱদ্ধ বিষয়া-কৰ্মচাৰী ।

Published : June 2, 2024 at 9:30 PM IST
ডিব্ৰুগড়, ২ জুন : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল দুলীয়াজান । অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ । ৰাইজে দাবী কৰি অহাৰ পাছতো আজি পৰ্যন্ত দুলীয়াজান চহৰখনৰ উন্নয়নৰ কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ কৰি দেওবাৰে আছুৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিয়ে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীয়ে অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উদ্যোগ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ সন্মুখতে তেওঁৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । আছুৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিৰাপত্তা কৰ্মীক । এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীসকল বহু সময় ধৰি কাৰ্যালয়ৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হয় ।
উল্লেখ্য় যে ১৯৫৯ ৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে । ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ প্ৰতিষ্ঠাৰ দিনৰে পৰা পৰিচালিত হৈ আহিছে । কিন্তু দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক,মানৱ সম্পদ নিয়োগ,মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়দালৈ স্থানান্তৰ কৰিবলৈ যো-জা কৰাৰ অভিযোগ উত্থাপিত হৈছে । লগতে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ বিৰুদ্ধে অইল ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতাৰ পুঁজি অসমৰ স্বাৰ্থত ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আছুৱে ।

