
দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা কোনো বিভাগ স্থানান্তৰ কৰা নহয় : অইল ইণ্ডিয়াই স্পষ্ট কৰিলে স্থিতি - Oil India Limited
OIL India Press Meet : দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰিত কৰাৰ যো-জা চলোৱা বুলি প্ৰচাৰ হোৱাৰ পিচতেই উত্তাল হৈ পৰে ৰাজ্য় । বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠাত অইল কৰ্তৃপক্ষই এই সন্দৰ্ভত স্পষ্ট কৰিলে স্থিতি ।

Published : May 15, 2024 at 10:01 AM IST
মৰাণ, ১৫ মে’: দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ অইল কৰ্তৃপক্ষই যো-জা চলোৱাৰ বিষয়ে চৰ্চা হোৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অইল কৰ্তৃপক্ষই । মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ পিচতেই দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সংবাদমেল অনুষ্ঠিত কৰি স্পষ্ট কৰিলে স্থিতি । অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য কাৰ্যবাহী বিষয়া আনফৰ আলি হকে অইল ইণ্ডিয়াৰ স্থিতি স্পষ্ট কৰি কয় যে অইলে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ।
আৱাসিক মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে পুনৰ কয় যে অইল ইণ্ডিয়াৰ কাম কাজ বিভিন্ন ৰাজ্য বা দেশত চলি আছে । গতিকে কিছু কামৰ সুবিধা হোৱাকৈ গুৱাহাটীত কাৰ্যালয় নিৰ্মাণ কৰা হৈছে । কিন্তু তালৈ দুলীয়াজানৰ পৰা কোনো ধৰণৰ বিভাগক স্থানান্তৰ কৰা নহয় । লগতে বিষয়া গৰাকীয়ে কয় যে বন্ধ কাৰ্যসূচীয়ে অইল ইণ্ডিয়াক বহু পৰিমাণে লোকচানৰ সন্মুখীন কৰায় । গতিকে কোনো ধৰণৰ আলোচনা নকৰাকৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনাই বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, মঙলবাৰে পুৱা দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই। উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়দালৈ স্থানান্তৰ কৰিবলৈ লোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ লগতে জাতীয় দল-সংগঠনে । আছুৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে দুলীয়াজান অইল ইণ্ডিয়াৰ প্ৰশাসনিক কাৰ্যালয়ৰ কাম-কাজ । আছুৰ এই প্ৰতিবাদৰ পাছতে অইল কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰে।
উল্লেখ্য় যে দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই । ১৯৫৯ৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে । ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ প্ৰতিষ্ঠাৰ দিনৰ পৰা পৰিচালিত হৈ আহিছে । কিন্তু ইয়াৰ মাজতে খবৰ ওলাইছিল দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়দালৈ স্থানান্তৰ কৰিব ।

