ETV Bharat / state

অইলৰ কোনো বিভাগ স্থানান্তৰিত নহয়; স্থিতি স্পষ্ট কৰিলে কৰ্তৃপক্ষই - Oil India Limited

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:30 PM IST

AASU protest: দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰিত কৰাৰ যো-জা চলোৱাৰ পিচতেই উত্তাল ৰাজ্য় । অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠাত অইল কৰ্তৃপক্ষৰ পাভলুটি ।

AASU Blocked Oil India headquarter
আছুৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

গুৱাহাটী, ১৪ মে' : সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ প্ৰতিবাদত সেও মানিলে অইল ইণ্ডিয়া লিমিটেডে । অইলৰ কোনো বিভাগ স্থানান্তৰিত নহয় । আছুৰ প্ৰতিবাদৰ পাছত এই কথা স্পষ্ট কৰিলে অইল কৰ্তৃপক্ষই । উল্লেখ্য যে প্ৰতিষ্ঠা কালৰে পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰাই পৰিচালিত হৈ আহিছে । কিন্তু শেহতীয়াকৈ দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰিত কৰাৰ যো-জা চলোৱা হৈছে । অসমৰ আবেগ অনুভূতি জড়িত হৈ থকা এই প্ৰতিষ্ঠানটোৰ ক্ষেত্রত গ্ৰহণ কৰা এনে স্থিতিক লৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনে ।

অসম বিৰোধী চক্ৰই অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাছতে আজি বিভাগীয় কৰ্তৃপক্ষই অইলৰ কোনো কাৰ্যালয় স্থানান্তৰ কৰা নহয় বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

AASU Blocked Oil India headquarter
অইল ইণ্ডিয়া লিমিটেডৰ লিখিত প্ৰতিশ্ৰুতি (ETV BHARAT ASSAM)

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘অসম বিৰোধী চক্ৰই অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম বিৰোধী চক্ৰই অইলত যাতে অসমীয়াৰ অধিকাৰ নাথাকে তাৰ বাবে ষড়যন্ত্ৰৰে বিভাগসমূহ স্থানান্তৰ কৰিব বিচাৰিছে । আজি ছাত্ৰ সন্থাৰ প্ৰতিবাদত সেও মানি অইলৰ কোনো কাৰ্যালয় স্থানান্তৰ কৰা নহয় বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে । জাতীয় উদ্যোগটোৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ ছাত্ৰ সন্থাই সহ্য নকৰে ৷ অসম বিৰোধী চক্ৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থাকিব ।’’

উল্লেখ্য যে ১৯৫৯ ৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে অৰ্থনৈতিক ক্ষেত্রখনত বিশেষ ভূমিকা পালন কৰি আহিছে । দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ পৰিচালিত হৈ আহিছে । কিন্তু শেহতীয়াকৈ দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পাছত নয়দালৈ স্থানান্তৰ কৰাৰ যো-জা চলোৱা হৈছে । যাক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল-সংগঠন ।

আছুকে ধৰি বিভিন্ন দল-সংগঠনে মঙলবাৰে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি দুলীয়াজানৰ অইল ইণ্ডিয়াৰ প্ৰশাসনিক কাৰ্যালয়ৰ কাম-কাজ স্থবিৰ কৰি তোলে। অইল ইণ্ডিয়াৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ডিব্ৰুগড়,তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই মঙলবাৰে পুৱাৰ পৰা অইলৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰৱেশ পথ, মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । আছুৰ প্ৰতিবাদত সেও মানি অৱশেষত অইলৰ মুখ্য কাৰ্যালয়ৰ কোনো বিভাগ স্থানান্তৰ নহয় বুলি কৰ্তৃপক্ষই লিখিতভাৱে জনায় ।

লগতে পঢ়ক:অইল ইণ্ডিয়াৰ চাৰিটা বিভাগ স্থানান্তৰৰ যো-জা: আছুৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান - AASU Protest In Duliajan

দুলীয়াজানত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.