ETV Bharat / state

Top ten news: পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Dec 12, 2022, 11:05 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ
পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

Encounter by Assam police: অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰী কিলাৰ মোহন কুমাৰ

লামডিঙৰ তৰুণ চক্ৰৱৰ্তীলৈ গুলীচলনা কৰা ছুপাৰী কিলাৰক হত্যা (Supari Killer killed in encounter) ৷ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ মোহন কুমাৰ নামৰ ছুপাৰী কিলাৰটো ৷ শুকুৰবাৰে তৰুণ চক্ৰৱৰ্তী নামৰ ৰেলৱে’ বিভাগৰ প্ৰাক্তন কৰ্মচাৰীজনক গুলীয়াইছিল মোহন কুমাৰে (Firing at Lumding) ৷

Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ

নৱেম্বৰ মাহত প্রায় ১৬ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে(Assam govt to borrow Rs 800 crore again) । ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ১৩ ডিচেম্বৰত উক্ত অংকৰ ঋণ ল’ব দিছপুৰে । দিছপুৰৰ ধাৰৰ বোজাই অতিক্ৰম কৰিছে প্রায় ১ লাখ ৩৫ হাজাৰ কোটি টকা ।

Fire in Jorhat: যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

উত্তৰ-পশ্চিম যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড(Fire in Jorhat)৷ এটা গাড়ীৰ গেৰেজৰ পৰা সম্প্ৰসাৰিত হৈ পৰে জুই ৷ জাহ যায় অসম আৰ্হিৰ এটা ঘৰ ৷ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত ৷ বহু সময়লৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাছিল অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে ৷ জুইৰ ফলত বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ আশংকা ৷

Jorhat Book Fair: সামৰণি পৰিল যোৰহাট গ্ৰন্থমেলা, ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাৰিৰ মাজেৰে দেওবাৰে সামৰণি পৰিল যোৰহাটৰ অসম গ্ৰন্থমেলা (Assam Book Fair in Jorhat ) ৷ প্ৰায় ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী কৰি এইবাৰ যোৰহাট গ্ৰন্থমেলাই অভিলেখ স্থাপন কৰে (Assam Book Fair in Jorhat ended) ৷

Open gambling in Kalgachia: আনন্দ মেলাত চলা দুষ্কৃতিৰ বাতৰি প্ৰকাশ কৰা সাংবাদিকক ভাবুকি

কলগাছিয়াৰ চান্দমামাৰ বৰভিঠাত আনন্দ মেলাৰ নামত অত্যাধুনিক জুৱা আৰু যাদুৰ নামত অশালীন নৃত্যৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই সাংবাদিক আৰু ভাষ্য প্ৰদান কৰা আমছু নেতাক ভাবুকি মেলা সমিতিৰ (Open gambling in Kalgachia mela)। মেলা সমিতি আৰু ভাবুকি প্ৰদান কৰা ব্যাক্তি সকলৰ বিৰুদ্ধে পৃথকে পৃথকে কলগাছিয়া আৰক্ষী থানাত সাংবাদিক আৰু আমছুৱে দাখিল কৰিলে এজাহাৰ ।

Drugs seized in Barpeta: এইবাৰ খোদ গৃহৰক্ষী জোৱানৰ ঘৰতে উদ্ধাৰ ব্ৰাউন চুগাৰ

ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক কঠোৰভাৱে অব্যাহত ৰাখিছে অভিযান (Anti drugs mission by Assam police)৷ তাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ব্যৱসায় । এইবাৰ গৃহৰক্ষী মহিলাৰ বাসগৃৰ পৰা জব্দ কৰা হ'ল ব্ৰাউন চুগাৰ (Drugs seized from home guard residence) ।

CM in Majuli: মামাক কমলা উপহাৰ মাজুলীৰ ভাগিনৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কমলা উপহাৰ দিলে মাজুলীৰ যুৱকে(Boy gifts orange to CM himanta Biswa Sarma)) ৷ মাজুলী-লখিমপুৰ সংযোগী দলঙৰ আধাৰশিলাৰ বাবে দেওবাৰে মাজুলীলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী(CM in Majuli )। মাজুলীৰ ঘুনুচাবাৰীৰ এজন যুৱকে মুখ্যমন্ত্ৰীগৰাকীক দিলে কমলাৰ উপহাৰ । মুখ্যমন্ত্ৰীগৰাকীক কমলাৰ উপহাৰ দিবলৈ পাই উৎফুল্লিত হৈ পৰিল মাজুলীৰ যুৱকজন ৷ কমলা উপহাৰ দি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এখন চেলফিও ল’লে যুৱকজনে ৷

Nationwide signature campaign: কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান

কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ (Koth Population Control Act) সমৰ্থনত দেশজুৰি দেওবাৰৰ পৰা ১০০ দিনীয়া এক স্বাক্ষৰ অভিযান আৰম্ভ (Nationwide signature campaign )কৰিছে ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ।

Afghan Border Forces open fire: আফগান বন্দুকধাৰীৰ গুলীত 6 পাকিস্তানী নিহত

আফগান সীমান্ত বাহিনীয়ে জনসাধাৰণৰ ওপৰত আৰ্টিলাৰী আৰু মৰ্টাৰকে ধৰি ঘাতক অস্ত্ৰৰে অপ্ৰৰোচিত আৰু নিৰ্বিচাভাৱে গুলীচালনা কৰে বুলি এক বিবৃতিত প্ৰকাশ পাইছে (Afghan Border Forces open fire) । ইয়াত কোৱা হৈছে যে, এই গুলীচালনাত ৬ জন পাকিস্তানী সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১৭ জন লোক আহত হৈছে ।

Child Missing in Guwahati : গুৱাহাটীত নিৰুদ্দেশ চাৰি বছৰীয়া কন্যা শিশু

মহানগৰীৰ মালিগাঁৱত শিশু নিৰুদ্দেশৰ ঘটনা ৷ ঘৰৰ দুৱাৰ মুখৰ পৰা নিৰুদ্দেশ ৪ বছৰীয়া কন্যা শিশু (Child Missing in Guwahati)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.