ETV Bharat / state

পুৱা 11 বজাৰ 10 শীৰ্ষ বাতৰি

author img

By

Published : Jun 7, 2020, 11:27 AM IST

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ 10 শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ 10 শীৰ্ষ বাতৰি

আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ

হোজাইত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন ৷ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল চেইন টানি পলায়ন কেইবাজনো যাত্ৰীৰ। হোজাই ষ্টেচন পাৰ হোৱাৰ পাচতেই 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে । বৰ্তমান হোজাই ষ্টেচনত ষ্টপেজ নথকাত কোনো যাত্ৰীযে এনে কাৰ্য কৰাৰ আশংকা কৰা হৈছে ।

হোজাই জিলাৰ শেহতীয়া পৰিস্থিতি বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

হোজাই জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শংকৰদেৱ নগৰত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

বোকাখাতত গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন

বোকাখাতত এজন ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে 18 লাখ নগদ ধন ৷ কদম কালোৱাৰ নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই ধনখিনি ৷ ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুটখা, পাণ মছলা, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী ৷

ৰঙাপৰাত প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা

শোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে শনিবাৰে ৷ কোভিড-19ত আক্ৰান্ত হৈছে ৰঙাপৰাৰ এজন যুৱক ৷

ভাৰত-চীনৰ মাজত সম্পন্ন পাঁচঘন্টীয়া আলোচনা

পূৰ্বৱৰ্তী লাডাখক লৈ ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে শনিবাৰে দুয়োখন দেশৰ মাজতে এক আলোচনা অনুষ্ঠিত হৈ যায় ৷ ভাৰত আৰু চীনৰ মাজত প্ৰথমবাৰৰ বাবে সামৰিক বিবাদ নিষ্পত্তি কৰিবলৈ এইদৰে সেনাৰ লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল ৷ চীনৰ পিএলএৰ টিবেট মিলিটাৰী ডিষ্ট্ৰিক্টৰ কামাণ্ডাৰৰ বিপৰীতে ভাৰতৰ 14 ক'ৰৰ কামাণ্ডাৰে বৈঠকত মিলিত হয় ৷ দুয়োটা দলৰ মাজত প্ৰায় 5 ঘন্টা ধৰি চলে এই আলোচনা ৷

এবছৰে দৰমহা নাই : ক্ষুব্ধ চৰকাৰী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন

ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা ৷ এবছৰ ধৰি বন্ধ হৈ আছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহা ।

দুৰ্নীতি : ধন আহিল, কিন্তু সম্পূৰ্ণ নহ'ল চৰকাৰী আঁচনিৰ গৃহ

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি ৷ ভিচিডিচিৰ চেয়াৰমেনৰ বিৰুদ্ধে হিতাধিকাৰীৰ সমস্ত ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ তিনি বছৰে সম্পূৰ্ণ নহ'ল হিতাধিকাৰীৰ ঘৰ ৷

হাজোত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু,শতাধিক আক্ৰান্ত

হাজোত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু হোৱাৰ লগতে প্ৰায় অৰ্ধ শতাধিকলোক আক্ৰান্ত হয় ৷ আদ্য শ্ৰাদ্ধৰ প্ৰসাদ খাই আক্ৰান্ত হয় লোকসকল ৷ কামৰূপ জিলাৰ হাজোৰ শান্তি পুৰৰ মহিম দাস নামৰ লোকজনৰ মাহেকীয়া শ্ৰাদ্ধ উপলক্ষে বুধবাৰে আয়োজন কৰা হৈছিল এক অনুষ্ঠান |

দিল্লী হিংসাঃ উত্তৰ-পূব দিল্লীৰ হত্যাকাণ্ড সন্দৰ্ভত আদালত অভিযোগ পত্ৰ দাখিল আৰক্ষীৰ

শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই উত্তৰ-পূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বাবেই এজন স্থানীয় ব্যক্তিৰ হত্যা সন্দৰ্ভত দিল্লী আদালতত অভিযোগ পত্ৰ দাখিল কৰে । আনহাতে, আদালতে ঘটনা সন্দৰ্ভত আগন্তুক ২০ জুনত শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

বাক্সাৰ লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ সাফল্য

বাক্সাৰ লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ দুই কৃতী ছাত্র-ছাত্ৰীক দল সংগঠনৰ সম্বৰ্ধনা । সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.