ETV Bharat / state

হাজোত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু,শতাধিক আক্ৰান্ত

author img

By

Published : Jun 6, 2020, 9:21 PM IST

হাজোত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু হোৱাৰ লগতে প্ৰায় অৰ্ধ শতাধিকলোক আক্ৰান্ত হয় ৷ আদ্য শ্ৰাদ্ধৰ প্ৰসাদ খাই আক্ৰান্ত হয় লোকসকল ৷

Food Poisoning At Hajo One Dead
হাজোত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু,শতাধিক আক্ৰান্ত

হাজো, 6 জুনঃ হাজোৰ বাগটাৰ শান্তিপুৰত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু আৰু প্ৰায় শতাধিকলোক আক্ৰান্ত | ইতিমধ্যে আক্ৰান্ত লোক কেইজনক বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে |

হাজোত বুট-মাহত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু,শতাধিক আক্ৰান্ত

উল্লেখ্য যে, কামৰূপ জিলাৰ হাজোৰ শান্তি পুৰৰ মহিম দাস নামৰ লোকজনৰ মাহেকীয়া শ্ৰাদ্ধ উপলক্ষে বুধবাৰে আয়োজন কৰা হৈছিল এক অনুষ্ঠান | উক্ত অনুষ্ঠানত উপস্থিত লোকসকলে প্ৰসাদ খাই শান্তিপুৰৰ প্ৰায় সংখ্যক লোকেই এতিয়া আক্ৰান্ত হয় | আনহাতে প্ৰসাদত হোৱা এই বিষক্ৰিয়াৰ ফলত দীপচন দাস এজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে | মৃত ককাকৰ মাহেকীয়া আদ্য শ্ৰাদ্ধৰ বুট-মাহ খাই মৃত্যুক আঁকোৱালি ল'লে দীপচন দাস নামৰ যুৱকজনে | ইতিমধ্যে আক্ৰান্ত লোকসকলক হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে | বৰ্তমান পুৰুষ মহিলাকে ধৰি প্ৰায় 30 জন লোক চিকিৎসাধীন হৈ আছে, ইয়াৰ ভিতৰত কেইবাটাও শিশুও আছে | বৰ্তমানেও চিকিৎসালয়লৈ প্ৰসাদ খাই আক্ৰান্ত হোৱা ৰোগী আহি আছে বুলি জানিবলৈ পোৱা গৈছে |

লগতে পঢ়ক- 585 নম্বৰৰে নৱম স্থানত উজ্বলিল গোলাঘাটৰ ৰাজদ্বীপ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.