ETV Bharat / state

আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ

author img

By

Published : Jun 7, 2020, 4:20 AM IST

ব্ৰহ্মপুত্ৰ মেইল চেইন টানি ট্ৰেইনৰ পৰা পলায়ন যাত্ৰীৰ ৷ হোজাইত সংঘটিত হৈছে এই ঘটনা ৷

passenger from Brahmaputra Mail had run off
passenger from Brahmaputra Mail had run off

হোজাই, 6 জুন : ৰেলযোগে বহিঃৰাজ্যৰ পৰা অসমলৈ উভটিছে হাজাৰ-বিজাৰ লোক ৷ সকলো লোককে কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে চৰকাৰ তথা প্ৰশাসনে ৷ কিন্তু কোৱাৰেন্টাইনত থকা এলাহত একাংশই বিগত কেইটামান দিনত সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ৷ আদবাটৰ পৰাই পলায়ন কৰিছে একাংশ কাণ্ডজ্ঞানহীন লোকে ৷

passenger from Brahmaputra Mail had run off
বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন

হোজাইত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন ৷ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল চেইন টানি পলায়ন কেইবাজনো যাত্ৰীৰ। হোজাই ষ্টেচন পাৰ হোৱাৰ পাচতেই 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে । বৰ্তমান হোজাই ষ্টেচনত ষ্টপেজ নথকাত কোনো যাত্ৰীযে এনে কাৰ্য কৰাৰ আশংকা কৰা হৈছে ।

ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ
ঘটনা সংক্ৰান্তত কাকো আটক কৰিবলৈ সক্ষম নহ'ল GRP তথা RPF ৰ দলে । কাণ্ডজ্ঞানহীন লোকৰ এনে কাৰ্যই আতংকিত কৰি তুলিছে হোজাইবাসীক । ইতিপূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল জিলাখনত ৷ এই ঘটনাই কৰ'ণা সংক্ৰমণৰ আশংকা বৃদ্ধি কৰা দেখা যায় ৷

লগতে পঢ়ক : দৰিদ্ৰতাক নেওচি উজ্বলি উঠিছে শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.