ETV Bharat / state

এবছৰে দৰমহা নাই : ক্ষুব্ধ চৰকাৰী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন

author img

By

Published : Jun 7, 2020, 4:22 AM IST

ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা ৷ এবছৰ ধৰি বন্ধ হৈ আছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহা ।

public health department
public health department

ডিমা হাছাও, 6 মে' : এবছৰ ধৰি বন্ধ হৈ আছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহা । 2019 চনৰ জুন মাহৰ পৰাই দৰমহা লাভ কৰা নাই এই কৰ্মচাৰী সকলে । ৰাজ্য চৰকাৰ কৰ্মচাৰী সকলৰ দৰমহাৰ ব্যৱস্থা অনলাইন হোৱাৰ পিচৰে পৰা ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ ৰিটেনচন নথকাৰ বাবে দৰমহা বন্ধ হৈ পৰে ৷

ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

যাৰ বাবে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী সংস্থাই অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি ঘোষণা কৰি সকলো কাম বন্ধ কৰি দিছে। কৰ্মচাৰী সকলৰ কৰ্মবিৰতিৰ ফলত খোৱা পানীৰ সৰবৰাহ অনিয়মিয়া হৈ পৰিছে হাফলং চহৰত। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক বিপুল লংমাইলাইয়ে কয় যে, যোৱা 12 মাহৰ পৰা দৰমহা বন্ধ হৈ পৰাৰ ফলত কৰ্মচাৰী সকলৰ জীৱন যাত্ৰা অচল হৈ পৰিছে । পৰিয়াল চলোৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোক । যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ 12 মাহৰ দৰমহা আদায় নিদিয়ে তেতিয়ালৈকে কৰ্মবিৰতি অব্যাহত ৰখাৰ কথাও সদৰী কৰে কৰ্মচাৰীজনে ৷ এই ক্ষেত্ৰত খোৱা পানী সৰবৰাহ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কয় বিপুল লংমাইলাইয়ে ।

লগতে পঢ়ক : স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে কোভিড সুৰক্ষা এপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.