ETV Bharat / state

বোকাখাতত গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন

author img

By

Published : Jun 7, 2020, 4:44 AM IST

কেঁচু খান্দোতে ওলাল সাপ ৷ বোকাখাতৰ গুটখা ব্যৱসায়ীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে 18 লাখ নগদ ধন ৷

18 Lakh cash seized in bokakhat
18 Lakh cash seized in bokakhat

নিউজ ডেস্ক, 6 জুন : টকাৰ উজান উঠিছে গোলাঘাট জিলাৰ এটা অঞ্চলত ৷ জিলাখনৰ বোকাখাতত এজন ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে 18 লাখ নগদ ধন ৷ কদম কালোৱাৰ নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই ধনখিনি ৷ ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুটখা, পাণ মছলা, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী ৷

18 Lakh cash seized in bokakhat
গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন

জানিব পৰা মতে, দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনিয়ম ভংগ কৰি কদম কালোৱাৰ নামৰ ব্যক্তিজনে গুটখা, ধঁপাতজাতীয় সামগ্ৰী আদি মজুত ৰখাৰ লগতে বিক্ৰী কৰাৰ গোপন খবৰ লাভ কৰিছিল বোকাখাত আৰক্ষীয়ে ৷ এই খবৰৰ ভিত্তিত বোকাখাত আৰক্ষীৰ এটা দল লগত লৈ অভিযানত নামি পৰে কাৰ্যবাহী দণ্ডাধীশ ৰণনময় ভৰদ্বাজ ৷ দলটোৱে ম'হমাইকী গাঁৱৰ ব্যৱসায়ীজনৰ দোকান, গুদাম,ঘৰ সকলোতে তালাচী চলায় ৷ তালাচীত গোপনে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ লগতে দলটোৱে জব্দ কৰে 18 লাখ নগদ টকা ৷

18 Lakh cash seized in bokakhat
বৃহৎ পৰিমাণৰ গুটখা জব্দ

আৰক্ষীৰ প্ৰাৰম্ভিক সন্দেহত এই বৃহৎ ধন লক্ ডাউনৰ সময়ত অধিক দামত গুটখা বিক্ৰী কৰি সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যহত ৰাখিছে আৰক্ষীয়ে ৷ ব্যৱসায়ীজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গোলাঘাট জিলাত ৷

লগতে পঢ়ক : দুৰ্নীতি : ধন আহিল, কিন্তু সম্পূৰ্ণ নহ'ল চৰকাৰী আঁচনিৰ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.