ETV Bharat / state

দুৰ্নীতি : ধন আহিল, কিন্তু সম্পূৰ্ণ নহ'ল চৰকাৰী আঁচনিৰ গৃহ

author img

By

Published : Jun 7, 2020, 4:22 AM IST

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি ৷ ভিচিডিচিৰ চেয়াৰমেনৰ বিৰুদ্ধে হিতাধিকাৰীৰ সমস্ত ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ তিনি বছৰে সম্পূৰ্ণ নহ'ল হিতাধিকাৰীৰ ঘৰ ৷

corruption
corruption

বৰমা, 6 জুন : বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ তিনি বছৰে সম্পূৰ্ণ নহ'ল হিতাধিকাৰীৰ ঘৰ ৷ ভিচিডিচিৰ চেয়াৰমেনৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ৷ বাক্সা জিলাৰ ধমধমা উন্নয়ন খণ্ডৰ অন্তৰ্গত অদলা ভিচিডিচিত সংঘটিত হৈছে এই ঘটনা ৷ অদলা ভিচিডিচিৰ চেয়াৰমেন ক্ৰমে দেৱ দাস আৰু দিপুল ৰামচিয়াৰী এই দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উঠিছে ৷

corruption
তিনি বছৰে সম্পূৰ্ণ নহ'ল হিতাধিকাৰীৰ ঘৰ

জানিব পৰা মতে, ধমধমা উন্নয়ন খণ্ডৰ অন্তৰ্গত খৈৰাণী বেলতল গাঁৱৰ মুক্তাৰাম অধিকাৰী আৰু ডেভিদ চাহানীয়ে ২০১৬-২০১৭ বৰ্ষত লাভ কৰিছিল একোটিকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ৷ চৰকাৰী নিয়ম অনুসৰি হিতাধিকাৰী কেইজনৰ একাউন্টত চৰকাৰী ধনো সোমাল ৷ পিচে কাম কৰাৰ সময়তে অদলা ভিচিডিচিৰ চেয়াৰমেন ক্ৰমে দেৱ দাস আৰু দিপুল ৰামচিয়াৰীয়ে হস্তগত কৰে সকলো ধন ৷ অভিযোগ অনুসৰি দেৱ দাসে প্ৰথম কিস্তিৰ ত্ৰিশ হাজাৰ টকা লৈ হিতাধিকাৰী সকলৰ ঘৰৰ ভেটিটো নিৰ্মাণ কৰি দিয়ে যদিও দ্বিতীয় কিস্তিত লাভ কৰা আঠসত্তৰ হাজাৰ টকা আন এজন চেয়াৰমেন দিপুল ৰামচিয়াৰীয়ে হস্তগত কৰি সম্পূৰ্ণৰূপে আত্মসাৎ কৰে ৷ তিনি বছৰ অতিক্ৰম কৰাৰ পাচতো হিতাধিকাৰীসকলৰ ঘৰ আজিলৈ সম্পূৰ্ণ হৈ নুঠিল ৷ যাৰ বাবে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে আজিও জৰাজীৰ্ণ জুপুৰীসদৃশ ঘৰত বাস কৰি আহিছে ৷ আনহাতে ঘৰৰ ভেটি নিৰ্মাণত যি ইটা ব্যৱহাৰ কৰিছিল, সেইয়াও অতি নিম্নমানৰ বুলি দাবী কৰিছে হিতাধিকাৰীসকলে ৷

ধন আহিল, কিন্তু সম্পূৰ্ণ নহ'ল চৰকাৰী আঁচনিৰ গৃহ

বিটিচিৰ হাগ্ৰামা মহিলাৰী মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰাক্তন এম চি এল এ ফলীন্দ্ৰ বসুমতাৰীৰ আশিসধন্য দিপুল ৰামচিয়াৰীক হিতাধিকাৰীসকলে লগ ধৰিলে কাম সম্পূৰ্ণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে ৷ আনহাতে বিভাগীয় কৰ্তৃপক্ষইয়ো বিষয়টোত গুৰুত্ব নিদিয়াত উপায়হীন হৈ পৰিছে ভুক্তভোগী হিতাধিকাৰীসকল ৷ সম্প্ৰতি বিটিএডিৰ প্ৰশাসকৰ দায়িত্বত থকা ৰাজ্যপালগৰাকীয়ে বিটিচি পৰিষদত সংঘটিত এইসমূহ দুৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰঙাপৰাবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.