ETV Bharat / bharat

দিল্লী হিংসাঃ উত্তৰ-পূব দিল্লীৰ হত্যাকাণ্ড সন্দৰ্ভত আদালত অভিযোগ পত্ৰ দাখিল আৰক্ষীৰ

author img

By

Published : Jun 7, 2020, 8:00 AM IST

শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই উত্তৰ-পূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বাবেই এজন স্থানীয় ব্যক্তিৰ হত্যা সন্দৰ্ভত দিল্লী আদালতত অভিযোগ পত্ৰ দাখিল কৰে । আনহাতে, আদালতে ঘটনা সন্দৰ্ভত আগন্তুক ২০ জুনত শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

দিল্লী হিংসা
দিল্লী হিংসাঃ উত্তৰ-পূব দিল্লীৰ হত্যাকাণ্ড সন্দৰ্ভত আদালত অভিযোগ পত্ৰ দাখিল আৰক্ষীৰ

নিউজ ডেস্ক, ৭ জুনঃ দিল্লী আৰক্ষীয়ে শনিবাৰে উত্তৰ-পূব দিল্লীত ফ্ৰেব্ৰুৱাৰী মাহত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বাবে এজন স্থানীয় ব্যক্তিৰ বিৰুদ্ধে আদালতত হত্যাৰ অভিযোগ পত্ৰ দাখিল কৰিছে ।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ৰাহুল চোলংকী হত্যাৰ অভিযোগতে সাতজনকৈ লোকৰ বিৰুদ্ধে মেট্ৰপলিটান মেজিষ্ট্ৰেট ঋছা পৰিহাৰ অভিযোগ পত্ৰ দাখিল কৰে ।

আনহাতে, দিল্লী আৰক্ষীয়ে অভিযোগ পত্ৰৰ ভিত্তিতে বিষয় সন্দৰ্ভত আগন্তুক ২০ জুনত দিল্লী আদালতে শুনানী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

২৭ বছৰীয়া চোলংকীক হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিততে বিগত ২৪ ফেব্ৰুৱাৰীত অভিযুক্ত ছলমানে হত্যা কৰে বুলি অভিযোগ পত্ৰত উল্লেখ কৰে । লগতে অভিযুক্ত ছলমানে ব্যৱহাৰ কৰা .৩২ স্বয়ংক্ৰিয় পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে ।

দিল্লী হিংসা
দিল্লী হিংসাঃ উত্তৰ-পূব দিল্লীৰ হত্যাকাণ্ড সন্দৰ্ভত আদালত অভিযোগ পত্ৰ দাখিল আৰক্ষীৰ

ধাৰা ১৪৪, ১৪৭ আৰু ৪৮ (হিংসা ) ১৪৯ (বে আইনী), ১৫৩ এ (ধৰ্ম, জাতি, জন্ম স্থান, বাসগৃহ, ভাষা, আদিক লৈ ভেদভাব ) ভিত্তিতে অভিযোগ পত্ৰ দাখিল কৰা হয় । লগতে চোলংকীক দোকানৰ পৰা উভতি অহা সময়তে গুলীয়াই হত্যা কৰে বুলি সদৰি কৰে অভিযোগ পত্ৰত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.