ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 20, 2022, 9:17 AM IST

Updated : Dec 20, 2022, 9:43 AM IST

top 10 at 9 am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session) ৷ 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব শীতকালীন অধিৱেশনত ।

Assam Cabinet Decision : অসমৰ পৰ্যটনক উদ্যোগ হিচাবে স্বীকৃতি কেবিনেটৰ

এতিয়াৰে পৰা পৰ্যটনৰ লগত জড়িত ব্যৱস্থাবোৰক উদ্যোগ হিচাবে গ্ৰহণ কৰা হ'ব (Industry status to Assam tourism)৷ জাগীৰোডৰ 550 একৰ ভূমিত নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ এখন উপগ্ৰহীয় চহৰ ৷

FIFA world cup final: পৰাস্ত হৈও হৃদয় জিনিলে ফ্ৰান্সে

আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেল খেলৰ পিছত ফ্ৰান্সৰ কিলিয়ান এমবাপেয়ে শ্ৰেষ্ঠ স্ক’ৰাৰৰ ট্ৰফী ‘‘গোল্ডেন বুট’’ (Kylian Mbappe won golden boot) লাভ কৰাৰ বিপৰীতে লিঅ’নেল মেছিয়ে আৰ্জেণ্টিনাক নেতৃত্ব দি বিশ্বকাপৰ ট্ৰফী লৈ ঘৰলৈ যায় । এই লেখাটোত ফৰাচী পক্ষৰ বাবে পৰৱৰ্তী সময়ত কি হ’ব সেই বিষয়ে অনুসৰণ কৰা হৈছে ।

Student Union Body Election: নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী আইন মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ (Student Union Body Election) নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ চৌহদত আবদ্ধ কৰি ৰাখিলে অধ্যক্ষ-প্ৰৱক্তাক (Tense Situation at Dhubri law college) ৷

Batadrava Eviction: বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি অৱশেষত উচ্ছেদ চলিল বটদ্ৰৱাত

বটদ্ৰৱাৰ বেদখলকৃত ভূমিত অৱশেষত প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ প্ৰায় এহেজাৰ বিঘা বেদখলকৃত ভূমি উচ্ছেদৰ লক্ষ্যৰে সোমবাৰে পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ উচ্ছেদৰ সময়ত জিলা উপায়ুক্তৰ নিৰ্দেশত অক্ষত অৱস্থাত ৰখা হ’ল এটা মছজিদ ৷

Assam APSC Sacm: গেঁঠেলা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া !

APSC কেলেংকাৰী তদন্ত কৰা বিপ্লৱ কুমাৰ আয়োগক গুৰুত্বহীন কৰিব বিচৰা হৈছে নিকি ? কাৰণ ৰাজ্য চৰকাৰে ২ এপ্ৰিলত দাখিল কৰা শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কি ব্যৱস্থা ল’লে সেয়া আজিও অন্ধকাৰত ৷ বৰঞ্চ ৰাজ্য চৰকাৰে অভিযুক্ত ২০১৩ চনৰ নিযুক্তক পদোন্নতিহে দিয়া দেখা গ’ল বাস্তৱত ৷

CNG Filling Station: শীঘ্ৰে মহানগৰীত মুকলি হ’ব CNG পাম্প

মহানগৰীৰ বেতকুছিত শীঘ্ৰেই মুকলি হ’ব CNG পাম্প (CNG pumps to be inaugurated at Betkuchi in Guwahati) ৷ পূৰ্ব-ভাৰতী গেছ লিমিটেড নামৰ কোম্পানীটোৱে নিবিদা লাভ কৰা পাম্পটো সোমবাৰে পৰিদৰ্শন কৰি ইয়াৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী বিমল বড়াই ৷ গুৱাহাটী স্মার্ট চিটি প্ৰকল্পৰ অধীনত এশখন গেছ চালিত বাছ চলিব মহানগৰীত ৷ ইতিমধ্যে গেছ চালিত বাছসমূহৰ পৰীক্ষা সমাপ্ত হৈছে ৷

Anurag Thakur on Northeast law and order situation: ২০১৪ৰ পাছত উত্তৰ-পূৱত শান্তি প্ৰতিষ্ঠাৰ যুগ আৰম্ভ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোডী চৰকাৰৰ পদক্ষেপৰ কথা উল্লেখ কৰি অনুৰাগ ঠাকুৰে কয় যে উত্তৰ-পূৱত হিংসাত্মক কাৰ্যকলাপ যথেষ্ট হ্ৰাস পাইছে (Violence in Northeast has decline)। সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যা ৮৯ শতাংশ হ্ৰাস পাইছে । বাওঁপন্থীৰ কাৰ্যকলাপো উত্তৰ-পূৱত ২৬৫ শতাংশ হ্ৰাস পাইছে ।

Jammu Kashmir Encounter: কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত 3 সন্ত্ৰাসবাদী নিহত

জম্মু কাশ্মীৰৰ শ্বপিয়ান জিলাত পুনৰ এনকাউণ্টাৰ ঘটনা ৷ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী নিহত হয় (3 Militants Killed in encounter) ৷

Honor killing in Karnataka: বিবাহক লৈ অসন্তুষ্ট, শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ

পতি-পত্নী দুয়ো বেগেল সম্প্ৰদায়ৰ হোৱাৰ বাবেই প্ৰেমিকাৰ পিতৃয়ে প্ৰাণ ল’লে জোঁৱায়েকেৰ ৷ জোঁৱায়েকৰ চকুত জলকীয়া গুড়ি চটিয়াই চুৰিৰে নৃশংসভাৱে হত্যা কৰিলে যুৱতীগৰাকীৰ পিতৃয়ে ৷

Last Updated :Dec 20, 2022, 9:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.