CNG Filling Station: শীঘ্ৰে মহানগৰীত মুকলি হ’ব CNG পাম্প

By

Published : Dec 19, 2022, 9:40 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

মহানগৰীৰ বেতকুছিত শীঘ্ৰেই মুকলি হ’ব CNG পাম্প (CNG pumps to be inaugurated at Betkuchi in Guwahati) ৷ পূৰ্ব-ভাৰতী গেছ লিমিটেড নামৰ কোম্পানীটোৱে নিবিদা লাভ কৰা পাম্পটো সোমবাৰে পৰিদৰ্শন কৰি ইয়াৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী বিমল বড়াই ৷ গুৱাহাটী স্মার্ট চিটি প্ৰকল্পৰ অধীনত এশখন গেছ চালিত বাছ চলিব মহানগৰীত ৷ ইতিমধ্যে গেছ চালিত বাছসমূহৰ পৰীক্ষা সমাপ্ত হৈছে ৷ শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিব বাছসমূহ (Assam CM to Inaugurated First CNG Filling Station in Guwahati) ৷ বাছসমূহ মুকলি হ’লে মহানগৰীৰ ৰাইজৰ যথেষ্ট পৰিমাণে সুবিধা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে, বায়ু আৰু শব্দ প্ৰদূষণ ৰোধৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে । গেছ চালিত বাছসমূহত এবাৰ গেছ ভৰালে ২৫০ কিলোমিটাৰ চলিব পাৰিব ৷ তথ্য অনুসৰি, গুৱাহাটীৰ কেইবাটাও স্থানত CNG পাম্প স্থাপনৰ কাম চলি আছে (CNG Filling Station) ৷ পৰৱর্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই গেছ চালিত বাছসমূহ চলিব ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.