ETV Bharat / bharat

Honor killing in Karnataka: বিবাহক লৈ অসন্তুষ্ট, শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ

author img

By

Published : Dec 19, 2022, 10:03 PM IST

Honor killing in Karnataka
শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ

পতি-পত্নী দুয়ো বেগেল সম্প্ৰদায়ৰ হোৱাৰ বাবেই প্ৰেমিকাৰ পিতৃয়ে প্ৰাণ ল’লে জোঁৱায়েকেৰ ৷ জোঁৱায়েকৰ চকুত জলকীয়া গুড়ি চটিয়াই চুৰিৰে নৃশংসভাৱে হত্যা কৰিলে যুৱতীগৰাকীৰ পিতৃয়ে ৷

নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ: কৰ্ণাটকৰ বাগালাকোট জিলাৰ টাক্কোড়া(Karnataka Bagalakote district Mureder incident) নামৰ গাঁৱখনত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ এগৰাকী যুৱতীৰ পিতৃয়ে হত্যা কৰিলে জোঁৱায়েকক(Father killed his daughter's husband) ৷

উল্লেখ্য যে, হত্যাৰ বলি হোৱা ভুজাবালি নামৰ যুৱকজন আছিল জৈন সম্প্ৰদায়ৰ(Jain community) ৷ আনহাতে হত্যাকাৰী তাম্মানাগৌড়া পাটিল নামৰ লোকজন আছিল ক্ষত্ৰিয় সম্প্ৰদায়ৰ(Kshatriya society) ৷ তাম্মানাগৌড়া পাটিলৰ জীয়াৰী ভাগ্যশ্ৰী আৰু ভুজাবালি নামৰ যুৱকজনৰ দীৰ্ঘদিনৰ পৰা আছিল প্ৰেমৰ সম্পৰ্ক ৷

কেইমাহ মান পূৰ্বে আদালতত দুয়োৰে সম্পন্ন হৈছিল বিবাহ(Registered marriage in court) ৷ কিন্তু তেওঁলোকৰ এই সম্পৰ্কক সহজভাৱে মানি ল‘ব পৰা নাছিল ভাগ্যশ্ৰী নামৰ যুৱতীগৰাকীৰ পিতৃয়ে আৰু সেই প্ৰেমৰ সম্পৰ্কই কাল হ’ল ভুজাবালি নামৰ যুৱকজনৰ ৷

শনিবাৰে নিশা পালকুইন নামৰ এক উৎসৱত(palanquin festival) অংশগ্ৰহণ কৰি নিজ ভাতৃৰ সৈতে ভুজাবালি নামৰ যুৱকজন বাইকেৰে ঘৰলৈ গৈ থকাৰ পথতে তেওঁৰ ওপৰত প্ৰথমে জলকীয়া গুড়ি চটিয়াই যুৱতীগৰাকীৰ পিতৃয়ে চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে ৷

হত্যাকাণ্ড সংঘটিত কৰিয়েই যুৱতীগৰাকীৰ পিতৃ তাম্মানাগৌড়া পাটিলে আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰে ৷ তাৰ পিছতেই তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ উল্লেখ্য যে, এই বিবাহক লৈ পূৰ্বে যুৱতীগৰাকীৰ পিতৃ কাষ চাৰিছিল আৰক্ষীৰ আৰু যুৱকজনৰ সৈতে বুজাবুজিও কৰিছিল ৷ যি তথ্য সদৰি কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Chapra Hooch Tragedy: বিহাৰৰ বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 গৰাকীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.