Chapra Hooch Tragedy: বিহাৰৰ বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 গৰাকীক গ্ৰেপ্তাৰ

author img

By

Published : Dec 19, 2022, 2:18 PM IST

MANY LIQUOR MAFIA ARRESTED IN CHAPRA POISONOUS LIQUOR CASE

বিহাৰত অব্যাহত আছে মৃত্যুৰ কিৰিলি ৷ যোৱা পাঁচ দিনত আৰক্ষীয়ে বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাকাণ্ডৰ লগত জড়িত 350 জন লোকক গ্ৰেপ্তাৰ কৰে (Many liquor mafia arrested)৷

নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ: বিহাৰত মৃত্যুৰ কিৰিলি (Bihar Hooch Tragedy)৷ বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যু হোৱাৰ সংখ্যা 75 জনলৈ বৃদ্ধি হৈছে (75 dead in Bihar Hooch Tragedy)৷ আনহাতে জিলা প্ৰশাসনে সন্দেহজনক সুৰাপান কৰাৰ ফলত 67 জনৰ মৃত্যু নিশ্চিত কৰিছে (Chapra poisonous liquor case ) ৷

ইতিমধ্যে এই ঘটনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদনো দাখিল কৰা হৈছে ৷ বিগত দিনধৰি প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সুৰা মাফিয়াৰ বিৰুদ্ধে বিশেষ অভিযান চলাই আছে ৷ আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছিল যে সুৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ পঞ্জাৱ আৰু বালিয়াৰ পৰা চাৰণৰ পৰা অনা হৈছিল ৷

দেওবাৰে এছ.আই.টি য়ে মশ্ৰাক আৰক্ষী থানা অঞ্চলৰ পৰা চোৰাংভাৱে সুৰা ব্যৱসায় কৰা অখিলেশ ৰায় ওৰফে অখিলেশ কুমাৰ যাদৱক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পূৰ্বে শনিবাৰে আৰক্ষীয়ে গোপালবাৰী নামৰ এটা সুৰা মাফিয়াৰ অনিল সিঙক গ্ৰেপ্তাৰ কৰে ৷ দুদিনৰ ভিতৰত দুটা মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে বিষাক্ত সুৰা কেলেংকাৰীৰ যোগান শৃংখলাৰ নেটৱৰ্ক পোহৰলৈ অহাৰ কথা প্ৰকাশ কৰিছে ৷

এতিয়ালৈ যোৱা পাঁচ দিনত আৰক্ষীয়ে সুৰাকাণ্ডৰ লগত জড়িত 350 জন লোকক গ্ৰেপ্তাৰ কৰিছে(Many liquor mafia arrested)৷ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে জনোৱা মতে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আঠটাই সুৰাৰ প্ৰস্তুতৰ সামগ্ৰী আমদানিৰ লগত জড়ি আছিল ৷ ইফালে আবকাৰী বিভাগে বাহিৰৰ পৰা অনা অবৈধ সুৰা আৰু সুৰা জব্দ কৰিবলৈ নিৰন্তৰ অভিযান চলাই আছে ৷

একে সময়তে ৰাজ্যখনত সুৰা নিষিদ্ধকৰণ বিভাগৰ নিৰ্দেশনা অনুসৰি মশ্ৰাক আৰু ইচুয়াপুৰ আৰক্ষী থানাৰ পৰা জব্দ কৰা মশ্ৰাক আৰক্ষী থানাৰ পৰা মুঠ সাতটা নমুনা আৰু ইচুয়াপুৰ আৰক্ষী থানাৰ পৰা অনুসন্ধানৰ বাবে দুটা নমুনা প্ৰেৰণ কৰা হৈছিল। জিলা আবকাৰী অধীক্ষক ৰজনীশে কৈছিল যে নমুনাৰ ৰিপোৰ্ট অনুসৰি সুৰাত কোনো বিষাক্ত দ্ৰব্য থকা বুলি পোহৰলৈ অহা নাই ৷ এই ৰিপোৰ্টৰ পিছতে এইটো স্পষ্ট হৈ পৰিছিল যে মাশ্ৰাক আৰু ইচুয়াপুৰ আৰক্ষী থানাত জব্দ কৰা সুৰাখিনি বিষাক্ত নাছিল ৷

আনহাতে মৃতকৰ পৰিয়ালৰ সদস্যই কোৱা অনুসৰি, "সকলো এটা অনুষ্ঠানত সুৰাপান কৰিছিল, যাৰ পিছত সুৰাপান কৰাসকলৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছিল ৷ আমাৰ এলেকাত সুৰা মুকলিকৈ বিক্ৰী কৰা হৈছিল ৷ যদি আৰক্ষীয়ে সময়মতে ব্যৱস্থা ল'লেহেঁতেন, এই মৃত্যু নহ'লহেঁতেন ৷ এনে ধৰণৰ ঘটনা আগলৈও নহ'ব বুলি কি নিশ্চয়তা আছে ? সকলো গাঁৱতে সুৰা বিক্ৰী কৰা হয় ৷

আজি আৰক্ষীয়ে গাঁৱত সুৰা বিচাৰি অভিযান চলাই আছে, যদি পূৰ্বতে আৰক্ষীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰিলে হয়, তেন্তে এই মৃতদেহবোৰ আজি দেখা নাপালেহেঁতেন ৷ আনকি আৰক্ষীক ফোন কৰি ঘটনাৰ কথা অৱগত কৰাৰ পিছতো পৰ্থমতে আৰক্ষীয়ে গুৰুত্ব দিয়া নাছিল ৷ এতিয়া আমাৰ ল'ৰা-ছোৱালীক কোনে ডাঙৰ-দীঘল কৰিব?সুৰাই আমাক নিথৰুৱা কৰিলে ৷"

এতিয়াও সুৰাপান কৰাৰ ফলত বহু লোকৰ অৱস্থা সংকটজনক হৈ আছে (many people died from poisonous liquor in chapra) ৷ আৰক্ষীয়ে আশংকা কৰা অনুসৰি এই ঘটনাত মৃত্যুৰ সংখ্যা আগন্তুক সময়লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ অসুস্থ লোকসকলক ছপ্ৰা সদৰ চিকিৎসালয়, পিএমচিএইছ আৰু এনএমচিএইছত চিকিৎসা কৰা হৈছে ৷ আনকি এতিয়ালৈকে বিষাক্ত সুৰা পান কৰাৰ ফলত 25 জন লোকে দৃষ্টিশক্তি হেৰুৱাইছে ৷ এই ঘটনাৰ পিছতে বিহাৰত সুৰা নিষিদ্ধ কৰিছে ৰাজ্য প্ৰশাসনে (Liquor Ban In Bihar)৷

লগতে পঢ়ক: Bihar Hooch Tragedy: বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱাৰ সংখ্যা 75 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.