ETV Bharat / bharat

Jammu Kashmir Encounter: কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত 3 সন্ত্ৰাসবাদী নিহত

author img

By

Published : Dec 20, 2022, 9:11 AM IST

3 Militants Killed in encounter
কাশ্মীৰত সেনাৰ এনকাউণ্টাৰ

জম্মু কাশ্মীৰৰ শ্বপিয়ান জিলাত পুনৰ এনকাউণ্টাৰ ঘটনা ৷ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী নিহত হয় (3 Militants Killed in encounter) ৷

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ: জম্মু কাশ্মীৰত পুনৰ এনকাউন্টাৰ ঘটনা ৷ মঙলবাৰে শ্বপিয়ান জিলাৰ জয়নাপোৰাৰ মুঞ্জ মাৰ্গ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ সংঘটিত হয় ৷ এই সংঘৰ্ষত লস্কৰ-ই-তইবাৰ (এল ই টি) তিনি সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে (3 Militants Killed in encounter) ৷ ইয়াৰে দুটা সন্ত্ৰাসবাদীক শ্বপিয়ানৰ লাটিফ লোন আৰু অনন্তনাগৰ উমেৰ নাজিৰ বুলি চিনাক্ত কৰা হৈছে (LeT terrorists killed in encounter) ৷

উল্লেখ্য যে, লাটিফ কাশ্মীৰি পণ্ডিত পুৰাণা কৃষ্ণ ভাটৰ হত্যাত জড়িত থকাৰ লগতে উমেৰ নাজিৰ নেপালৰ টিল বাহাদুৰ থাপাৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে ৷ এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ ( Rashtriya Rifles), কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (Central Reserve Police Force) আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷

আৰক্ষীয়ে সন্ত্ৰাসবাদী তিনিটাৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু দুটা পিষ্টল উদ্ধাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ কাশ্মীৰ জ’ন আৰক্ষীয়ে আনুষ্ঠানিকভাৱে টুইট (Kashmir Zone Police tweeted) কৰে যে "#Encounter শ্বপিয়ান জিলাৰ মুঞ্জ মাৰ্গ অঞ্চলত সংঘটিত হৈছিল । আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে নিজ কৰ্তব্য পালন কৰি আছে ৷

লগতে পঢ়ক: Jharkhand Murder: বজাৰলৈ যোৱাত বাধা দিয়াৰ বাবেই পত্নীয়ে প্ৰাণ ল’লে স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.