ETV Bharat / bharat

Jharkhand Murder: বজাৰলৈ যোৱাত বাধা দিয়াৰ বাবেই পত্নীয়ে প্ৰাণ ল’লে স্বামীৰ

author img

By

Published : Dec 19, 2022, 9:18 PM IST

Updated : Dec 19, 2022, 10:51 PM IST

স্বামীয়ে বজাৰলৈ যোৱাত বাধা প্ৰদান কৰাৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক ৷ ঝাৰখণ্ডৰ খুন্তি জিলাত(Jharkhand Khunti district Murder) সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ স্বামীক এচপৰা ইটাৰে উপৰ্যুপৰি মূৰত আক্ৰমণ পত্নীৰ ৷

Jharkhand Murder
বজাৰলৈ যোৱাত বাধা দিয়াৰ বাবেই পত্নীয়ে প্ৰাণ ল’লে স্বামীৰ

নিউজ ডেস্ক, 18 ডিচেম্বৰ: ঝাৰখণ্ডৰ খুন্তি জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Sensational Murder In Jharkhand) ৷ পত্নীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামীৰ(Wife killed her husband) ৷ উল্লেখ্য যে, স্বামীয়ে বজালৈ যোৱাত পত্নীক বাধা প্ৰদান কৰাৰ বাবেই সংঘটিত হ’ল এই হত্যাকাণ্ড ৷

প্ৰাপ্ত তথ্য অনুসৰি, ঝাৰখণ্ডৰ খুন্তি জিলাৰ(Jharkhand Khunti district Murder) চনপুৰগাহ নামৰ গাঁৱৱখনৰ কালাৱতী নামৰ মহিলাগৰাকীয়ে স্বামীক বজাৰলৈ যোৱাৰ বাবে প্ৰথমে অনুমতি বিচাৰিছিল ৷ কিন্তু অৰ্জুন সিং নামৰ লোকজনে পত্নীক বজাৰলৈ যোৱাৰ বাধা প্ৰদান কৰিছিল(Husband prevent his wife to go to the market) ৷ তাৰ পিছতেই পতি-পত্নীৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ সেই কাজিয়াৰ পৰিণতিয়েই মহিলাগৰাকীয়ে খঙত উগ্ৰ হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাই আৰু স্বামীৰ মূলত এচপৰা ইটাৰে উপৰ্যুপৰি আক্ৰমণ কৰে(Wife hit her husband with a brick) ৷

প্ৰথমাৱস্থাত পতি-পত্নীৰ কাজিয়া ভাঙিবলৈ স্থানীয় লোক আহি উপস্থিত হৈছিল যদিও কালাৱতী নামৰ মহিলাগৰাকীয়ে দুৰ্বব্যৱহাৰ কৰা বাবে স্থানীয় লোকে ত্যাগ কৰে সেই স্থান ৷ তাৰ পিছতেই স্বামীক হঠাৎ আক্ৰমণ কৰে পত্নীয়ে ৷ স্থানীয় লোকে জনোৱা তথ্য অনুসৰি স্বামীক আক্ৰমণ কৰাৰ পিছত বহু সময় ধৰি আঘাত প্ৰাপ্ত স্বামীক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল পত্নীয়ে ৷ অৱশেষত অতিপাত ৰক্তক্ষয়(excessive bleeding caused death) হোৱাৰ পিছতে মৃত্যু হয় অৰ্জুন সিঙৰ ৷

শনিবাৰে বিয়লি সংঘটিত হোৱা হত্যাৰ ঘটনা পোহৰলৈ আহে দেওবাৰেহে ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতেই স্থানীয়লোকে ততালিকে খবৰ দিয়ে আৰক্ষীক ৷ ইয়াৰ পিছতেই লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু হত্যাকাৰী পত্নীক আটক কৰে(Police arrested the woman) ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Wild elephant attack in Bokakhat: বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা

Last Updated :Dec 19, 2022, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.