ETV Bharat / bharat

Anurag Thakur on Northeast law and order situation: ২০১৪ৰ পাছত উত্তৰ-পূৱত শান্তি প্ৰতিষ্ঠাৰ যুগ আৰম্ভ

author img

By

Published : Dec 19, 2022, 5:03 PM IST

সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোডী চৰকাৰৰ পদক্ষেপৰ কথা উল্লেখ কৰি অনুৰাগ ঠাকুৰে কয় যে উত্তৰ-পূৱত হিংসাত্মক কাৰ্যকলাপ যথেষ্ট হ্ৰাস পাইছে (Violence in Northeast has decline)। সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যা ৮৯ শতাংশ হ্ৰাস পাইছে । বাওঁপন্থীৰ কাৰ্যকলাপো উত্তৰ-পূৱত ২৬৫ শতাংশ হ্ৰাস পাইছে ।

Anurag Thakur on Northeast
দিল্লীত অনুৰাগ ঠাকুৰৰ সংবাদমেল

নেশ্যনেল ডেস্ক,১৯ ডিচেম্বৰ : "২০১৪ চনৰ পাছৰ পৰা উত্তৰ-পূৱত শান্তি প্ৰতিষ্ঠাৰ যুগ আৰম্ভ হৈছে (Era of peace started in Northeast after 2014) । একেদৰে অঞ্চলটোত হিংসাত্মক কাৰ্যকলাপো যথেষ্ট হ্ৰাস পাইছে ।" এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ । উত্তৰ-পূৱ ভাৰতত সন্ত্ৰাসবাদৰ কাৰ্যকলাপ হ্ৰাস হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে (Terrorist activities in Northeast declined)।

সোমবাৰে দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পিছত হে উত্তৰ-পূবত শান্তিৰ যুগ আৰম্ভ হৈছে (Anurag Thakur on Northeast)। অঞ্চলটোত হিংসাত্মক ঘটনাৰ সংখ্যা ৮০ শতাংশলৈ হ্ৰাস হোৱা বুলিও তেওঁ দাবী কৰে । তেওঁৰ মতে উত্তৰ-পূৱ অঞ্চলত সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যা ৮৯ শতাংশ হ্ৰাস পাইছে । বাওঁপন্থীৰ কাৰ্যকলাপো উত্তৰ-পূৱত ২৬৫ শতাংশ হ্ৰাস পাইছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে মোডী চৰকাৰে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে । যিটোৱে কিছুমান নিৰ্ণায়ক ফলাফল দিবলৈ সক্ষম হৈছে । মন্ত্ৰী অনুৰাগ ঠাকুৰে দাবী কৰা মতে ছাৰ্জিকেল ষ্ট্ৰাইক (Surgical strike of India), বালাকোট ষ্ট্ৰাইক আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এটাৰ পিছত আনটো আক্ৰমণৰ ফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ ২০১৪ চনৰ পৰা ১৬৮ শতাংশ হ্ৰাস পাইছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেন্দ্ৰৰ পদক্ষেপৰ ওপৰতো আলোকপাত কৰি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে সদায় শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে ।ইউএপিএ আইন (UAPA act) বা এনআইএ আইন সংশোধনী বিধেয়ক (NIA act amendment) শক্তিশালী কৰাই হওঁক । প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰত চৰকাৰে কোনো ধৰণৰ ত্ৰুটি ৰখা নাই ।

মোডী চৰকাৰে সমাজ কল্যাণৰ অজুহাতত মৌলবাদক প্ৰচাৰ কৰা এটা সংগঠন (PFI) নিষিদ্ধ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে (PFI banned in India)। আনহাতে অনাগত দিনতো মৌলবাদী সংগঠনসমূহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

উদ্ধাৰ অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু সক্ৰিয় কাৰ্যকলাপৰ ওপৰতো আলোকপাত কৰে । অপাৰেশ্যন গঙ্গাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সেই উদ্ধাৰ অভিযানৰ অধীনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ২২,৫০০ তকৈও অধিক নাগৰিকক উদ্ধাৰ কৰা হৈছে (Indian rescued from Ukraine)। ২০২১ চনত, অপাৰেশ্যন দেৱী শক্তিৰ দ্বাৰা আফগানিস্তানৰ পৰা প্ৰায় ৬৭০ গৰাকী ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছিল। উহানৰ পৰাও উদ্ধাৰ হোৱা ৬৫৪ গৰাকী লোকৰ ভিতৰত ৬৪৭ গৰাকীয়ে ভাৰতীয় আছিল বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Telangana Cong infighting: কংগ্ৰেছত অন্তঃদ্বন্দ, 13 সদস্যৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.