ETV Bharat / bharat

Telangana Cong infighting: কংগ্ৰেছত অন্তঃদ্বন্দ, 13 সদস্যৰ পদত্যাগ

author img

By

Published : Dec 19, 2022, 11:13 AM IST

তেলেংগানা প্ৰদেশ কংগ্ৰেছত আন্তঃদলীয় বিবাদৰ ভয়ংকৰ ৰূপ ৷ দলটোৰ পৰা পদত্যাগ 13 জন সদস্যৰ(13 PCC members quit post) ৷ পদত্যাগী সদস্যৰ তালিকাত আছে বৰ্তমান আৰু প্ৰাক্তন বিধায়কৰো নাম ৷

Telangana Cong infighting intensifies,
কংগ্ৰেছত অন্তঃদ্বন্দ, 13 পিচিচি সদস্যৰ পদত্যাগ

নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ: দেশজুৰি কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনৰ পিছতে কংগ্ৰেছত অন্তঃদ্বন্দ পৰিলক্ষিত হৈছে (Telangana Cong infighting) ৷ এইবাৰ তেলেংগানা কংগ্ৰেছত আন্তঃদলীয় বিবাদ তীব্ৰতৰ হোৱা দেখা গৈছে ৷ এই অন্তঃদ্বন্দৰ বাবে দেওবাৰে তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ প্ৰায় 13 জন সদস্যই পদত্যাগ কৰে (13 PCC members quit post)৷ অন্য এটা দলৰ পৰা কংগ্ৰেছলৈ অহা কিছু জ্যেষ্ঠ নেতাৰ মন্তব্যৰ প্ৰতিবাদ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে দলৰ কৰ্মকৰ্তাই ৷

পদত্যাগ কৰা এই 13 জন সদস্যৰ ভিতৰত আছে, বৰ্তমানৰ কংগ্ৰেছ বিধায়ক দানাচাৰী অনাচুয়া (চিথাক্কা) (Congress MLA Danasari Anasuya ) আৰু প্ৰাক্তন বিধায়ক ৱেম নৰেন্দ্ৰ ৰেড্ডী (Former legislator Vem Narendar Reddy)। অবিভক্ত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী দামোদৰ ৰাজনাৰ সিংহই শনিবাৰে কংগ্ৰেছত যোগদান কৰা টিডিপিৰ কেইজনমান প্ৰাক্তন নেতাৰ প্ৰসংগত জানিব বিচাৰিছিল যে যদি আন দলৰ পৰা কংগ্ৰেছলৈ "প্ৰব্ৰজন" কৰা সকলে গুৰুত্ব লাভ কৰে তেন্তে ই "মূল কংগ্ৰেছ কৰ্মীসকলৰ" ওপৰত বিৰূপ প্ৰভাৱ পৰিব ৷

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি আৰু সাংসদ এ ৰেৱন্ত ৰেড্ডীৰ (Damodar Rajanarasimha ) বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি এই দলটোৰ নেতাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি দলে সন্দেহ কৰিছে ৷ তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ (Telangana Pradesh Congress Committee) সভাপতি ৰেৱন্ত ৰেড্ডীয়ে (President Revanth Reddy) আভ্যন্তৰীণ বিবাদ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদি কয় যে দলৰ হাইকামাণ্ডে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷

এআইচিচিৰ নিৰ্দেশনা অনুসৰি গাঁৱৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে কংগ্ৰেছৰ নেতাসকলে ২৬ জানুৱাৰীৰ পৰা তেলেংগানাত ৰাজ্যত পুনৰ কংগ্ৰেছ সক্ৰিয় কৰাৰ উদ্দেশ্যৰে পদযাত্ৰা কৰিব বুলি ৰেড্ডীয়ে জানিবলৈ দিয়ে ৷ লগতে এই পদযাত্ৰাত কেন্দ্ৰীয় চৰকাৰৰ গাফিলতিৰ কথাও ৰাইজক অৱগত কৰি সজাগতা সৃষ্টি কৰা হ’ব ৷ ৰেড্ডীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে চৰকাৰৰ নেতৃত্বত "কংগ্ৰেছৰ ৱাৰ ৰূমৰ (Congress War Room)"ৰ পৰা মূল্যবান তথ্য চুৰি কৰিছিল বুলি অভিযোগ উত্থাপন কৰে ৷

ৰেড্ডীয়ে লগতে কয় যে দলৰ সকলো নেতা কৰ্মীয়ে কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ চেষ্টা কৰিব ৷ ইফালে শেহতীয়াকৈ এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ই অনিলে (Former MLA E Anil ) 'জ্যেষ্ঠ নেতাসকলক' একেলগে কাম কৰি আৰু ৰাজ্যখনত দলটোক পুনৰ ক্ষমতালৈ অনাৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল ৷ কিছু প্ৰব্ৰজনকাৰী কংগ্ৰেছী নেতাৰ বাহিৰে দলৰ জ্যেষ্ঠ নেতাসকলক সকলোৰে সন্মান কৰে ৷

ইফালে মুনুগোডে বিধানসভা সমষ্টিৰ শেহতীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ পিচত দলটোৰ ৰাজ্যিক নেতৃত্বৰ মাজত অন্তঃদ্বন্দৰ সৃষ্টি হৈছে ৷ দলটোৰ কেইবাজনো নেতাই শেহতীয়াকৈ ঘোষণা কৰা জাম্বো পিচিচি সমিতিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: PM Modi in Meghalaya: উত্তৰ-পূৱত এতিয়া AFSPA ৰ প্ৰয়োজন নাই: প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.