ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 4, 2022, 9:02 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

শিলচৰত 26 গৰাকী ৰোহিংগাক জেৰা NIAৰ

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে 26 গৰাকী ম্যানমাৰৰ নাগৰিক ৷ বিগত মাহৰ 28 তাৰিখে নিশা কাছাৰ আৰক্ষীয়ে শিলচৰৰ চেণ্ট্ৰেল ৰোডত তিনিখন ইন’ভা বাহনৰ পৰা আটক কৰে ম্যানমাৰৰ নাগৰিক তথা ৰোহিংগা কেইজনক (26 rohingya people detained by Cachar police)৷

7 জুনত মেট্ৰিকৰ ৰিজাল্ট দিব ছেবাই

অহা 7 জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই (HSLC result to be declare on 7th June) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই কথা ৷

Rhino horn smuggling: দৰঙত গঁড়ৰ খৰ্গসহ দুজনক আটক

গঁড়ৰ খৰ্গৰ সৈতে দুজন লোকক আটক দলগাঁও আৰক্ষীৰ (Two smuggler with rhino horn apprehended) ৷ বিশেষ তদন্তকাৰী দলৰ সৈতে অভিযান চলাই আৰক্ষীয়ে গঁড়ৰ খৰ্গসহ আটক কৰে দুজন লোকক(Two smuggler apprehended by Dolgaon Police) ৷

SI Junmoni Rabha likely to be arrested: টকাৰ লেনদেনক লৈ বেংক বিষয়াকো জেৰা

SI জোনমণি ৰাভাৰ টকাৰ লেনদেনক লৈ এইবাৰ মাজুলীৰ গড়মূৰ শাখাৰ কানাড়া বেংকৰ মেনেজাৰ প্ৰহ্লাদ চন্দ্ৰ দাসক আৰক্ষীয়ে সোধাপোছা আৰম্ভ কৰিছে (Bank officials interrogated over money transactions of Junmoni Rabha) ৷ জোণমনি ৰাভাৰ টকাৰ লেনদেনত বেংকৰ এই বিষয়াগৰাকী জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

২০২৪ত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

কলকাতাৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধানৰ সৈতে সোণাপুৰত নিৰ্মীয়মান ছায়েন্স চিটি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ । বিজ্ঞান নগৰী প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা । অত্যাধুনিক প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰে সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনা কৰি ক্ষীপ্ৰতাৰে কাম আগবঢ়োৱাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু লোকনিৰ্মাণ(গৃহ) বিভাগক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ।

জন এনাৰ্জীক খননৰ ঠিকা : আদালতত উত্তৰহীন অইল কৰ্তৃপক্ষ

দেশ কঁপোৱা বাঘজান কাণ্ডৰ আঁৰত জড়িত থকা ব্লেক লিষ্টেড কোম্পানী জন এনাৰ্জীক অইল ইণ্ডিয়াৰ ঠিকা দিয়াৰ বিষয় সন্দৰ্ভত তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ (Complain against John Energy)। কেৱল উচ্চ দৰত দিয়া নিবিদাৰ বাবেই কাম দিয়া হ'ল বুলি জনালে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷

KAAC Election 2022 : ভোটদানৰ বাবে সাজু গোলাঘাটৰ কাকজানবাসী

৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) ৷ ভোটদানৰ বাবে সাজু হৈছে অঞ্চলটোৰ প্ৰায় ৮০% কাৰ্বি লোক ৷

দিল্লী, দিছপুৰ, ডিফুত বিজেপিৰ চৰকাৰ মানে তিনিটা ইঞ্জিনৰ চৰকাৰঃ মুখ্যমন্ত্ৰী

দিল্লী, দিছপুৰ আৰু ডিফুত বিজেপিৰ চৰকাৰ মানে হৈছে তিনিটা ইঞ্জিনৰ চৰকাৰ ৷ কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা ৷

Indian Tea industry in trouble: ভাৰতৰ চাহ গ্ৰহণ নকৰে বহু দেশে...!

ভাৰতীয় চাহত পোৱা গৈছে অত্যাধিক পৰিমাণৰ কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ (Pesticides and Chemical found in Indian tea)। যাৰ বাবে ভাৰতে প্ৰেৰণ কৰা চাহ ল'বলৈ অস্বীকাৰ কৰিছে বহু দেশে । আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বহু ক্ৰেতাই ভাৰতৰ চাহ প্ৰত্যাখ্যান কৰাৰ লগে লগে চাহ উদ্যোগত ব্যাপক প্ৰভাৱ পৰিছে ।

Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসম সন্তান শিৱ থাপা

অসম গৌৰৱ শিৱ থাপাই(Indian men boxing team for CWG 2022) কমনৱেল্থ গেমছত পুনৰবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব (Commonwealth Games 2022)ত । ট্ৰায়েলত কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে শিৱই (Shiva Thapa secures berth for Commonwealth Games in Birmingham) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.