ETV Bharat / state

২০২৪ত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

author img

By

Published : Jun 3, 2022, 10:21 PM IST

কলকাতাৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধানৰ সৈতে সোণাপুৰত নিৰ্মীয়মান ছায়েন্স চিটি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ । বিজ্ঞান নগৰী প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা । অত্যাধুনিক প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰে সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনা কৰি ক্ষীপ্ৰতাৰে কাম আগবঢ়োৱাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু লোকনিৰ্মাণ(গৃহ) বিভাগক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ।

First science city in North East will open in 2024
২০২৪ চনত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

গুৱাহাটী, ৩ জুন : শুকুৰবাৰে অসম চৰকাৰে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেচীয়াত নিৰ্মাণ কৰি থকা 'বিজ্ঞান নগৰী' (ছায়েন্স চিটি) পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে ৰাজ্যৰ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনত নিৰ্মীয়মান বিজ্ঞান নগৰীখন পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ (এন চি এছ এম)ৰ সঞ্চালক প্ৰধান অৰিজিৎ দত্ত চৌধুৰী ।

First science city in North East will open in 2024
২০২৪ চনত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

মন্ত্ৰী মহন্ত আৰু এন চি এছ এমৰ সঞ্চালক প্ৰধানে সোণাপুৰৰ নিৰ্মীয়মান বিজ্ঞান নগৰীত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ উত্তৰ-পূৱ ক্ষেত্ৰৰ সঞ্চালক ইন্দ্ৰনীল সান্ন্যাল, ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন বিভাগৰ বিশেষ সচিব, অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক তথা বিজ্ঞান নগৰীৰ মুখ্য কাৰ্যবাহী বিষয়া পি এল এন ৰাজু, অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ (এছটেক)ৰ পৰিবেশ বিজ্ঞান শাখাৰ মুখ্য তত্বাৱধায়ক জয়দীপ বৰুৱাৰ লগতে লোকনিৰ্মাণ (গৃহ) বিভাগৰ অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকতো মিলিত হৈ এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে ।

First science city in North East will open in 2024
২০২৪ চনত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

অত্যাধুনিক প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনা কৰি ক্ষীপ্ৰতাৰে কাম আগবঢ়োৱাৰ বাবে বিভাগীয় মন্ত্ৰীগৰাকীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু লোকনিৰ্মাণ(গৃহ) বিভাগক বৈঠকত নিৰ্দেশ প্ৰদান কৰে ।

First science city in North East will open in 2024
২০২৪ চনত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিজ্ঞান নগৰীক কাল্পনিক মহাকাশ পৰিভ্ৰমণ, তাৰকাগৃহ, সমাৱৰ্তন ভৱন, আৱিস্কাৰমূলক ভৱন, বিজ্ঞান আৰু উদ্ভাৱন কেন্দ্ৰ, সংগ্ৰহালয়, পৰীক্ষণগৃহ, পুথিভঁৰাল আদিৰ সমাহাৰেৰে ২০২৪ চনৰ প্ৰথম ভাগতে মুকলি কৰিবলৈ ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে ইতিমধ্যে পৰিকল্পনা কৰিছে(First science city in North East will open in 2024) । এই নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে, ই অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰখনলৈ নতুন উদ্দীপনা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : 7 জুনত মেট্ৰিকৰ ৰিজাল্ট দিব ছেবাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.