KAAC Election 2022 : ভোটদানৰ বাবে সাজু গোলাঘাটৰ কাকজানবাসী

author img

By

Published : Jun 3, 2022, 10:27 PM IST

voters-of-kakojan-in-golaghat-ready-for-kaac-election-2022

৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) ৷ ভোটদানৰ বাবে সাজু হৈছে অঞ্চলটোৰ প্ৰায় ৮০% কাৰ্বি লোক ৷

বোকাখাত, 3 জুন : গোলাঘাট জিলাৰ বোকাখাত মহকুমা সীমান্তত অৱস্থিত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ সীমাত অৱস্থিত এটা অঞ্চল । চাহ বাগিচা, বাঁহ-কাঠৰ ব্যৱসায় আৰু কাইফ'লাংচ' জলপ্ৰপাতৰ বাবে পৰিচিত এই অঞ্চলটোৰ নাম কাকজান । কাৰ্বি আৰু অনা কাৰ্বি লোকৰ বসতিপূৰ্ণ এই কাকজান অঞ্চল যিকোনো নিৰ্বাচনৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

৮ জুনত হ'বলগীয়া কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022)ভোটদানৰ বাবে ইতিমধ্যে সাজু হৈছে অঞ্চলটোৰ প্ৰায় ৮০% কাৰ্বি লোক(Voters of Kakojan) ৷ একেদৰে সাজু হৈছে অনা কাৰ্বি লোকসকলো । গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়ে যে, কাকজান নামৰ এই অঞ্চলটো দুটা লোকসভা সমষ্টি, দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত । মানুহ একেখিনিয়ে যদিও কাকজানৰ বৰ্তমান ৭১১ জন ভোটাৰৰ একাংশই ডিফু লোকসভা আৰু বোকাজান বিধানসভা সমষ্টিৰ বাবেও ভোটদান কৰে ।

ভোটদানৰ বাবে সাজু গোলাঘাটৰ কাকজানবাসী ৰাইজ

ইয়াৰে আন একাংশই আকৌ কলিয়াবৰ লোকসভা আৰু বোকাখাত বিধানসভা সমষ্টিৰ বাবে ভোটদান কৰি আহিছে ৷ পূৰ্বৰ দৰে এইবাৰো কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত 'দোৱাৰবাগৰি' পৰিষদীয় সমষ্টিৰ বাবে ভোটদান কৰিবলৈ সাজু হৈছে কাকজান গাঁৱৰ ভোটাৰ ৰাইজ ।

উল্লেখ্য যে, চৰকাৰী আচঁনিৰ হিতাধিকাৰীৰ ক্ষেত্ৰতো এই অঞ্চলৰ বহুলোকে লাভ কৰে দুটাকৈ সুবিধা । অৰ্থাৎ পঞ্চায়তৰ যিকোনো সুবিধা আহিলে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত ম'হমাইকী গাওঁ পঞ্চায়তৰ পৰা হিতাধিকাৰী হোৱাৰ সুযোগ লাভ কৰে অঞ্চলবাসীয়ে । একেদৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ বাবে কোনো সুবিধা আহিলেও এই অঞ্চলৰ ৰাইজে লাভ কৰে সম্পূৰ্ণ সুবিধা ।

সা-সুবিধাৰ ফালৰ পৰা কাকজানৰ অধিকাংশ ৰাইজ সৌভাগ্যবান হ'লেও ভোটাৰ হিচাপে দ্বি-সুবিধা লাভ কৰা কথাই সাংবিধানিক অধিকাৰ দ্বি-ভক্ত কৰা নাইনে ? ইফালে, এই ব্যৱস্থাৰ আলমলৈয়ে বোকাখাত মহকুমাৰ সীমামূৰীয়া অঞ্চলটোৰ এক বৃহৎ অংশ ভূমি কাৰ্বি আংলং পৰিষদে অবৈধ দখল কৰাৰ অভিযোগসহ এক গোচৰ চলি আছে আদালতত ।

লগতে পঢ়ক : KAAC and BTC election 2022 : ৮ জুনত চৰকাৰী বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.