ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 22, 2022, 9:07 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Batadrava police station: নিলম্বিত হ’ল বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈ

বটদ্ৰৱা থানা কাণ্ডৰ বাবে নিলম্বিত হ'ল বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈ (Batadrava police Station OC suspended)। শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । একাংশ উদণ্ড লোকে জ্বলাই দিয়ে আৰক্ষী থানা (Mob sets fire in Batadrava police station) ।

জিলা ন্যায়িক আদালতলৈ উন্নীতকৰণ বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক

বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক শনিবাৰৰ পৰা পূৰ্ণাংগ পৰ্যায়ত জিলা ন্যায়িক আদালত হিচাপে উন্নীতকৰণ (Inauguration of Full Fledged District Judiciary) । অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) ।

Mob torches Police Station: বটদ্ৰৱাত জ্বলিল আৰক্ষীৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ

আৰক্ষীৰ প্ৰহাৰত বটদ্ৰৱাৰ এজন যুৱকৰ মৃত্যুৰ অভিযোগ তুলি শনিবাৰে একাংশ উত্তেজিত লোকে অগ্নি সংযোগ কৰে বটদ্ৰৱা আৰক্ষী থানাত ৷ অগ্নি সংযোগৰ ফলত থানাখনৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয় ৷

Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত শনিবাৰে সংঘটিত হয় লংকাকাণ্ড । হাঁহ আৰু দহ হেজাৰ টকা নিদিয়াৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে প্ৰহাৰত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ উত্তেজিত লোকে আৰক্ষীৰ লোককো আক্ৰমণ কৰে । একাংশ লোকৰ প্ৰহাৰত দুজন আৰক্ষীৰ লোক আহত হয় (Youth dead in police custody at Batadrava)।

গুৱাহাটীত ৫০গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ

ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গাড়ীচালনাক সমাজৰ এক অতি দায়িত্বশীল আৰু সন্মানীয় বৃত্তি বুলি উল্লেখ কৰে ৷ তেঁও লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নলৈ গাড়ীচালকৰ পৰোক্ষ অৱদান সদায়ে অতুলনীয় আৰু অপৰিসীম বুলি মন্তব্য কৰি গাড়ীচালনাৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়ি অহা মহিলাসকলক অভিনন্দন জনায় ।

পাৰ্কিং মাচুল আদায়ত নিষেধাজ্ঞা গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি শ্ব'পিং মল তথা ব্যৱসায়িক প্ৰতিষ্ঠানটোলৈ অহা লোকৰ পৰা সংশ্লিষ্ট প্ৰতিষ্ঠানে বাহন পাৰ্কিং কৰাৰ নামত কোনো ধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব (GMC bans collection of parking charges) ।

Assam Legislative Assembly: এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল (Bishwajit Daimari PC on occasion of first year of 15th Assam Legislative Assembly) । অসম বিধান সভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব । অতিথি আপ্যায়নৰ প্ৰসংগত অসম বিধানসভাক বিবাহ ভৱনৰ লগত তুলনা অধ্যক্ষৰ ।

পোহৰলৈ আহিছে কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডৰ বহু ন ন তথ্য

গুৱাহাটীৰ জাপৰিগোগস্থিত কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য(Sensational murder at Vikrampur in Japrighog) । সময় পাৰ হোৱাৰ লগে লগে এই হত্যাকাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে বহু নতুন তথ্য । ইফালে শনিবাৰে আদালতে হেমধৰ বৰুৱাৰ হত্যাৰ অভিযুক্ত ধৰণী ডেকা আৰু তেওঁৰ পত্নী ৰিমী ডেকাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰুিছে ।

ৰাজ্যত বানৰ বিভীষিকা; ৰে’লপথত আশ্ৰয় সহস্ৰাধিক বন্যাৰ্ত

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) । প্ৰতিদিনেই প্লাৱিত হৈছে ন ন অঞ্চল । নিৰাপদ আশ্ৰয় আৰু তীব্ৰ খাদ্য সংকটত ভুগিছে এতিয়া বহু বানাক্ৰান্ত পৰিয়ালে ।

KAAC ৰ নিৰ্বাচনী বতৰৰ মাজতে মাঞ্জাত পিষ্টলসহ যুৱক আটক

সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (KAAC Election 2022) ৷ তাৰ মাজতেই মাঞ্জাত পিষ্টলসহ যুৱক আটক (One arrested from Diphu with illegal arms) ৷ সম্প্ৰতি আটকাধীন যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.