ETV Bharat / state

Assam Legislative Assembly: এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

author img

By

Published : May 21, 2022, 10:01 PM IST

পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল (Bishwajit Daimari PC on occasion of first year of 15th Assam Legislative Assembly) । অসম বিধান সভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব । অতিথি আপ্যায়নৰ প্ৰসংগত অসম বিধানসভাক বিবাহ ভৱনৰ লগত তুলনা অধ্যক্ষৰ ।

pc-by-speaker-of-assam-legislative-assembly
এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

গুৱাহাটী,21 মে' : অসম বিধানসভাৰ নতুন ভৱন আগন্তুক ছমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব । এই কথা সদৰি কৰিছে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈম‍াৰীয়ে । পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষে শনিবাৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে (Bishwajit Daimari PC on occasion of first year of 15th Assam Legislative Assembly) । বিধান সভাৰ চেন্ট্ৰেল হলত আয়োজন কৰা সংবাদমেলত অধ্যক্ষগৰাকীয়ে এবছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰে।

তেওঁ কয় যে বিগত এটা বছৰত অসম বিধান সভাত ৫৮ খন বিধেয়ক গৃহীত কৰাটো উল্লেখযোগ্য বিষয় । তেওঁ লগতে কয় যে অসম বিধান সভাৰ কাম-কাজ বহু পৰিমানে ডিজিটেলাইজ কৰা হৈছে । অসমীয়া, বড়ো আৰু ইংৰাজী ভাষাত সদনৰ কাৰ্য পৰিচালনাৰ সমান্তৰালভাৱে অনুবাদৰ ব্যৱস্থা কৰা হৈছে । অসম বিধান সভাত ডিজিটেল ফায়াৰ এলাৰ্মৰো ব্যৱস্থা কৰা হৈছে । বিধানসভা চৌহদৰ ভিতৰত মেডিকেলৰ ব্যৱস্থা হৈছে ।

অধিবেশনৰ সময়ত বিধায়কসকলক অনা-নিয়া কৰাৰ বাবে ৬ খন গল্ফ কাৰ্টৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নতুনকৈ আৰু ৬ খন গল্ফ কাৰ্ট অনা হ'ব । অসম বিধানসভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব ।

এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

অসম বিধানসভাৰ নতুন ভৱন অতি সোনকালে মুকলি কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰি তেওঁ কয় যে নতুন ভৱন ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (New building of Assam Assembly)। সেইদৰে বিধায়ক আৱাসৰ বাবে তিনিটা অট্টালিকা তিনিবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এতিয়াও ৪০ শতাংশ বিধায়ক আৱাসৰ প্ৰয়োজন আছে ।

পুৰণি বিধায়ক আৱাস ভাঙি তাত নতুন আৱাস নিৰ্মাণ কৰা হ'ব । বিধায়ক আৱাসসমূহ পুৰণি হৈ যোৱাৰ বাবে বহু আৱাস খালি কৰিবলৈ কোৱা হৈছে । ২০ জুলাইৰ ভিতৰত পুৰণি আৱাসসমূহ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । যদি কোনো বিধায়কৰ নিৰাপত্তাৰ কথা থাকে তেন্তে সেইক্ষেত্ৰত তেওঁলোকৰ নিৰাপত্তাৰ দিশটো চোৱা হ'ব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে শীঘ্ৰেই অসম বিধানসভাৰ বাবে সুকীয়াকৈ এটা টেলিভিছন চেনেল আৰম্ভ হ'ব (New Television channel of Assam Assembly) । বৰ্ত্তমান পৰ্টেলত চলি আছে । আনহাতে অতিথি আপ্যায়নৰ প্ৰসংগ উল্লেখ কৰি তেওঁ অসম বিধানসভাক বিবাহ ভৱনৰ লগত তুলনা কৰে ।

সংবাদমেলত তেওঁ সফলতাৰে অসম বিধানসভাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কমনৱেল্থ সংসদীয় সংঘৰ মধ্য বৰ্ষীয় আন্তৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক আৰু কমনৱেল্থ সংসদীয় সংঘৰ ভাৰত ক্ষেত্ৰীয় সন্মিলনৰ প্ৰসংগ উল্লেখ কৰে । আনহাতে সংবাদমেলত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে নিজৰ এবছৰীয়া অনুভৱ ব্যক্ত কৰে ।

লগতে পঢ়ক: Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.