ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 13, 2022, 9:00 AM IST

TOP 10 at 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

আজি গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প

নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যন ঘোষণা কৰিছে এই কথা(Petrol pump to remain closed in Guwahati today) ৷ তেল কোম্পানীবোৰে প্ৰাপ্য আদায় নিদিয়াৰ প্ৰতিবাদত গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা এছ'চিয়েশ্যনৰ ।

ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনৰ ফলত বন্ধ বহু ঘাইপথ

ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনৰ(Landslide in Dima Hasao) ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে জনজীৱন । পাহাৰীয়া জিলাখনৰ বহু স্থানত বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথো (Landslides in Dima Hasao hit traffic movement) ।

ৰায়পুৰ বিমানবন্দৰত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা : দুজন পাইলট নিহত

বৃহস্পতিবাৰে ৰায়পুৰ বিমানবন্দৰত এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত ইতিমধ্যে দুজন পাইলট নিহত হোৱাৰ কথা জানিব পৰা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, অৱতৰণৰ সময়তে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছিল।

এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিলে মাজুলীৰ এগৰাকী মহিলাই

এছ আই জোনমণি ৰাভাৰ প্ৰসংগটো ক্ৰমাৎ অধিক চৰ্চাৰ বিষয় হৈ পৰিছে (SI Joonmoni Rabha controversy)৷ কোনোৱে যদি জোনমণি ৰাভাক এইসমূহত অভিযুক্ত বুলি বিবেচনা কৰিছে, আন কোনোৱে আকৌ ক’ব খুজিছে জোনমণি ৰাভাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলা বুলি ৷

দেশদ্ৰোহিতা আইনঃ উচ্চতম ন্যালয়ৰ ৰায়ক আদৰণি দেৱব্ৰত শইকীয়াৰ

২০১৫ চনৰ পৰা ২০২০ চনলৈকে দেশদ্ৰোহিতা আইনৰ অধীনত ৩৫৬ টা গোচৰ ৰুজু কৰা হৈছিল সমগ্ৰ দেশত (case registered under sedition law)। এই সময়চোৱাত এই আইনৰ অধীনত প্ৰায় ছশজন লোকক আটক কৰা হৈছিল যদিও মাত্ৰ ১২ গৰাকী লোককহে শাস্তি প্ৰদান কৰিবলৈ সক্ষম হৈছে ।

অসমৰ ৪.৩২ শতাংশ স্কুলতহে উপলব্ধ ইণ্টাৰনেট

ইণ্টাৰনেট সংযোগৰ সৰ্বভাৰতীয় হাৰৰ তুলনাত অসম বহু যোজন পিচ পৰি আছে । চৰকাৰী বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ সৰ্বভাৰতীয় হাৰ ২০ শতাংশ হোৱাৰ বিপৰীতে অসমৰ অৱস্থান মাত্ৰ ৪.৩২ শতাংশই উদঙাই দিছে ৰাজ্যখনৰ শোচনীয় স্বৰূপ (Internet is available in very few schools in Assam)।

সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুলীয়াজানবাসী

দুলীয়াজান তৈল খাদত অঘটন । তেলৰ পাইপ ফাটি নিৰ্গত হৈছে খাৰুৱা তেল (Oil pipe bursts in Duliajan)। প্ৰায় ৬০ ফুট উচ্চতালৈ নিৰ্গত হৈছে খাৰুৱা তেল । অঞ্চলটোৰ খেতি পথাৰ নষ্ট কৰাৰ লগতে অঞ্চলটোৰ বহু লোকৰ ঘৰত এই তেল বিয়পি পৰে (Oil emissions cause extensive damage in Duliajan)।

কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক বীৰেন শইকীয়াৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

সুদীৰ্ঘ ৫০ বছৰৰ অন্তত ১৯৭১ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ সৈনিকে ৰজাঘৰৰ পৰা লাভ কৰিলে স্বীকৃতি । কেনেকৈ বীৰ সৈনিক বীৰেন শইকীয়াই কাৰগিলৰ যুদ্ধত হেৰুৱালে নিজৰ দুয়োখন ভৰি (Brave Soldier of Kargil War Biren Saikia) ৷ ইটিভি ভাৰতৰ জৰিয়তে কাৰগিলৰ সেই সময়ৰ অভিজ্ঞতা ব্যক্ত কৰিলে বীৰ সৈনিকগৰাকীয়ে (ETV Bharat interview with Soldier Biren Saikia) ৷

ভাষণ দি থাকোতেই ষ্টেজ ভাগিল অখিল গগৈৰ

দিন-দশা যেন বেয়া চলিছে বিধায়ক অখিল গগৈৰ ! লখিমপুৰৰ লালুকত ভাষন দি থাকেতে ভাগি পৰিল মঞ্চ (Akhil Gogoi stage collapsed at Laluk ) । বৃহস্পতিবাৰে লখিমপুৰত এই বিড়ম্বনাই লগ দিলে অখিল গগৈক।

পৃথ্বীৰাজৰ 'হৰি হৰ' গীতটিক অন্যতম দেশপ্ৰেমমূলক গীত হিচাপে অভিহিত কৰিলে অক্ষয় কুমাৰে

চুপাৰষ্টাৰ অক্ষয় কুমাৰে তেওঁৰ মুক্তি পাবলগীয়া ছবি 'পৃথ্বীৰাজ'ৰ প্ৰথমটো গীত 'হৰি হৰ' মুকলি কৰিলে সামাজিক মাধ্যমত (Prithviraj songs) আৰু দাবী কৰিলে, তেওঁৰ সমগ্ৰ অভিনয় কেৰিয়াৰত শুনা দেশপ্ৰেমমূলক গীতসমূহৰ ভিতৰত এইটো হৈছে এটা অন্যত্বম দেশপ্ৰেমমূলক গীত (Prithviraj budget) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.