ETV Bharat / state

দেশদ্ৰোহিতা আইনঃ উচ্চতম ন্যালয়ৰ ৰায়ক আদৰণি দেৱব্ৰত শইকীয়াৰ

author img

By

Published : May 12, 2022, 8:01 PM IST

২০১৫ চনৰ পৰা ২০২০ চনলৈকে দেশদ্ৰোহিতা আইনৰ অধীনত ৩৫৬ টা গোচৰ ৰুজু কৰা হৈছিল সমগ্ৰ দেশত (case registered under sedition law)। এই সময়চোৱাত এই আইনৰ অধীনত প্ৰায় ছশজন লোকক আটক কৰা হৈছিল যদিও মাত্ৰ ১২ গৰাকী লোককহে শাস্তি প্ৰদান কৰিবলৈ সক্ষম হৈছে ।

debabrat-saikia-react-on-sedition-law
দেশদ্ৰোহিতা আইনঃ উচ্চতম ন্যালয়ৰ ৰায়ক আদৰণি দেৱব্ৰত শইকীয়াৰ

নিউজ ডেস্ক, ১২ মে': উচ্চতম ন্যায়ালয়ে দেশদ্ৰোহিতা আইনখন দেশত সাময়িকভাবে স্থগিত ৰাখিবলৈ বুধবাৰে দিয়া নিৰ্দেশক আদৰণি জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of the opposition Debabrat Saikia) । বিৰোধী দলপতিগৰাকীয়ে কয় যে যোৱা সময়চোৱাত যিসমূহ ৰাজ্যত বিজেপিৰ চৰকাৰ চলি আছে, তেনে ৰাজ্য সমূহত কোনোবাই চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই চৰকাৰে এই আইনখনৰ অপপ্ৰয়োগ কৰি আহিছিল ।

দেশদ্ৰোহিতা আইনঃ উচ্চতম ন্যালয়ৰ ৰায়ক আদৰণি দেৱব্ৰত শইকীয়াৰ

কিন্তু, বুধবাৰে ৰাষ্ট্ৰদোহৰ আইনৰ অধীনত কোনো নতুন গোচৰ পঞ্জীয়ন নকৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে (SC on sedition law) । বিৰোধী দলপতিগৰাকীয়ে আৰু কয় যে ২০১৯ চনৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দলে ঘোষণা কৰিছিল যে শাসনলৈ আহিলে কংগ্ৰেছে এই আইনখন প্ৰত্যাহাৰ কৰিব ।

কিন্তু পৰবৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইনখনৰ পৃষ্ঠপোষতাহে কৰি অহা দেখা গল । ২০১৫ চনৰ পৰা ২০২০ চনলৈকে এই আইনখনৰ অধীনত ৩৫৬ টা গোচৰ ৰুজু কৰা হৈছিল সমগ্ৰ দেশত । এই সময়চোৱাত এই আইনৰ অধীনত প্ৰায় ছশজন লোকক আটক কৰা হৈছিল যদিও মাত্ৰ ১২ গৰাকী লোককহে শাস্তি প্ৰদান কৰিবলৈ সক্ষম হৈছে ।

অসমত বিজেপি চৰকাৰে শাসনভাৰ চম্ভালি লোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে এই আইনখনৰ অধীনত প্ৰায় ৬০ টা গোচৰ ৰুজু কৰা হৈছে বুলিও বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: ৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে বিটিচিৰ এটা সমষ্টিৰ উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.