ETV Bharat / entertainment

পৃথ্বীৰাজৰ 'হৰি হৰ' গীতটিক অন্যতম দেশপ্ৰেমমূলক গীত হিচাপে অভিহিত কৰিলে অক্ষয় কুমাৰে

author img

By

Published : May 12, 2022, 7:34 PM IST

চুপাৰষ্টাৰ অক্ষয় কুমাৰে তেওঁৰ মুক্তি পাবলগীয়া ছবি 'পৃথ্বীৰাজ'ৰ প্ৰথমটো গীত 'হৰি হৰ' মুকলি কৰিলে সামাজিক মাধ্যমত (Prithviraj songs) আৰু দাবী কৰিলে, তেওঁৰ সমগ্ৰ অভিনয় কেৰিয়াৰত শুনা দেশপ্ৰেমমূলক গীতসমূহৰ ভিতৰত এইটো হৈছে এটা অন্যত্বম দেশপ্ৰেমমূলক গীত (Prithviraj budget) ।

Akshay Kumar
পৃথ্বীৰাজ

চিটাৰা ডেস্ক, 12মে’: চুপাৰষ্টাৰ অক্ষয় কুমাৰ বৰ্তমান তেওঁৰ মুক্তি পাবলগীয়া ছবি 'পৃথ্বীৰাজ'ৰ বাবে চৰ্চাত আছে (Prithviraj trailer) ৷ ছবিখনৰ প্ৰথমটো গীত অভিনেতাজনে সামাজিক মাধ্যমত মুকলি কৰাৰ লগতে তেওঁৰ দৃষ্টিত এইটো এটা শ্ৰেষ্ঠ দেশপ্ৰেমমূলক গীত বুলি অভিহিত কৰিছে ৷ গানটোৰ প্ৰসংগত অক্ষয়ে কৈছে, ""মোৰ মতে হৰি হৰ গীতটো পৃথ্বীৰাজৰ আত্মা আৰু এই গীতটিয়ে নিৰ্ভীক সম্ৰাট পৃথ্বীৰাজৰ প্ৰতি উচিত শ্ৰদ্ধা জ্ঞাপন কৰিছে, যিজন সম্ৰাটে মাতৃভূমিৰ ৰক্ষাৰ নিমিত্তে সৰ্বস্ব ত্যাগ কৰিছিল" ৷

'হৰি হৰ' গীতটো ভাৰতক সুৰক্ষা দিয়া শক্তিশালী ৰজাজনৰ সংকল্পৰে ভৰপূৰ, যাৰ বাবে মই গানটোৰ সৈতে একাত্ম হ’ব পাৰিছো । তেওঁ লগতে কয় যে ই সম্ৰাট পৃথ্বীৰাজৰ জীৱনৰ সাৰাংশ উদঙাই দিছে আৰু তেওঁৰ শক্তিশালী মূল্যবোধক প্ৰতিনিধিত্ব কৰিছে যিয়ে তেওঁক এজন সাহসী ৰজা হিচাপে গঢ়ি তুলিছিল । 'হৰি হৰ' এনে এটা গীত যিটো শুনিয়েই মই প্ৰেমত পৰিছিলো । আনকি আজিও মই গীতটো বহুবাৰ শুনিছো, কিন্তু মোৰ সমগ্ৰ অভিনয় কেৰিয়াৰত শুনা দেশপ্ৰেমমূলক গীতসমূহৰ ভিতৰত এইটো শ্ৰেষ্ঠ " ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, 'পৃথ্বীৰাজ' পৰিচালনা কৰিছে চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে ৷ চন্দ্ৰপ্ৰকাশ দ্বিবেদী দূৰদৰ্শনৰ মহাকাব্য 'চাণক্য' আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি 'পিঞ্জাৰ' সফল পৰিচালনাৰ বাবে হৈ পৰিছিল সৰ্ব-পৰিচিত । ইফালে নৱাগত মানুষী ছিল্লাৰে পৃথ্বীৰাজৰ জৰিয়তে বলীউডত খোজ দিব । চলচ্চিত্ৰখন ৩ জুনত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব (Prithviraj release date)।

লগতে পঢ়ক: Prithviraj trailer : মুকলি হ’ল পৃথ্বীৰাজৰ ট্ৰেইলাৰ:পৃথ্বীৰাজৰ চৰিত্ৰত অক্ষয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.