ETV Bharat / snippets

জীৱন্তে গাড়ীৰ ভিতৰত অগ্নিদগ্ধ হৈ যুৱকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 12:33 PM IST

MAN BURNT ALIVE IN CAR ACCIDENT
জীৱন্তে গাড়ীৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ (etv bharat assam)

তিনিচুকীয়া, ৩ জুন: অৰুণাচল প্ৰদেশৰ উজনি দিবাং উপত্যকাত নিশা গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ এজন যুৱকে অকাল মৃত্যুক আঁকোৱালি লয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে স্থানীয় লোকে লোকজনক উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয় ৷ নিহত যুৱকজনক জীৱন লাক্ৰা বুলি চিনাক্ত কৰা হৈছে ৷

গাড়ীখনত লাক্ৰাৰ লগতে অন্য এজন যুৱক আছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁৰ ৷ স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ডামবুক সমষ্টিৰ পৰা ৰয়িং নামৰ অঞ্চলৰ দিশে গৈ থকা সময়তে মেকা তিনিআলিত এখন ট্ৰেক্টৰৰ লগত মুখামুখি সংৰ্ঘষ হয় ৷ দুৰ্ঘটনাত গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটি জ্বলি যায় বুলি সন্দেহ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.