ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 26, 2022, 7:04 PM IST

top-10-at-7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Arunachal boy missing case: অপহৃত অৰুণাচলী যুৱকক ঘুৰাই দিব চীনা সৈন্যই

পিপলচ্ লিবাৰেশ্যন আৰ্মীয়ে ঘুৰাই দিব অৰুণাচলৰ নিৰুদ্দিষ্ট যুৱকক ৷ ইতিমধ্যেই সম্পন্ন হৈছে Hotline Exchange প্ৰক্ৰিয়া (Hotline exchanged between Indian Army and PLA) ৷ গণৰাজ্য দিৱসৰ দিনাই এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷

Republic Day 2022: ডিব্ৰুগড়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ পতাকা উত্তোলন

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো অনুষ্টুপীয়াকৈ পালন গণৰাজ্য দিৱস(Republic day celebration in Dibrugarh) । চৌকিডিঙ্গী খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta hoists flag in Dibrugarh)। অনুষ্ঠানত ভাষণ প্ৰদান কৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

RSS Chief in Tripura: আগৰতলাৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ মোহন ভাগৱতৰ

চাৰিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হোৱা আৰএছএছ মুৰব্বী মোহন ভাগৱতে অংশ ল'লে আগৰতলাৰ গণৰাজ্য দিৱসত । খাইৰপুৰৰ সেৱা ধামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰএছএছ প্ৰধানগৰাকীয়ে (RSS Chief hoists the national flag in Tripura)। ভাৰতৰ জনসাধাৰণক প্ৰাচীন গণৰাজ্যসমূহৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান মোহন ভাগৱতৰ ।

মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ অসমৰ যুৱক

মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ হৈ ৰঙিয়াৰ এজন যুৱক গণৰাজ্য দিৱসৰ দিনটোতে স্বগৃহত উপস্থিত হ’বলৈ সক্ষম হয় (Rangia youth rescued from human traffickers in Tamil Nadu)৷ সাত মাহ পূৰ্বে এটা মানৱ সৰবৰাহকাৰী চক্ৰই যুৱকজনক বিক্ৰী কৰিছিল জম্মু কাশ্মীৰৰ এজন চিকিৎসকক ৷

Half marathon in Baihata: গণৰাজ্য দিৱস উপলক্ষে হাফ মাৰাথান প্ৰতিযোগীতা

ৰাজ্যত খেলুৱৈ সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত অনেক অনুষ্ঠান-প্ৰতিষ্ঠান ওলাই অহা পৰিলক্ষিত হয় ৷ এনে এক মহৎ উদ্দেশ্যৰেই বাইহাটা চাৰিআলিৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান শৰাইঘাট যুৱ শক্তিয়ে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে এখনি হাফ মাৰাথান প্ৰতিযোগীতা (NGO Saraighat yuva sakti organised half marathon)।

Republic Day 2022: গোৱালপাৰাত জিলা উপায়ুক্তই উত্তোলন কৰিলে গণৰাজ্য দিৱসৰ পতাকা

সমগ্ৰ দেশৰ লগতে গোৱালপাৰাতো উদযাপন কৰা হয় দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস(Republic Day celebration in Goalpara) । গণৰাজ্য দিৱস উপলক্ষে গোৱালপাৰা চহৰৰ জেটিএছ খেলপথাৰত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত মিনাক্ষী নাথ দাসে (Goalpara DC hoists Republic Day flag) । লগতে জিলাখনৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে উপায়ুক্ত মিনাক্ষী নাথ দাসে ।

Republic day celebration: তিনিচুকীয়াত ৭৩ তম গণৰাজ্য দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াতো জিলাৰ প্ৰশাসনৰ সৌজন্যত তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰত ৭৩ তম গণৰাজ্য দিৱস উদযাপন কৰা হয়(republic day celebration in Tinsukia) ।

তেজপুৰ নেহেৰু মৈদানত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ৰণোজ পেগুৰ

তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu hoists Republic Day flag in Tezpur) । যিদৰে বিটিআৰ চুক্তিৰে বড়োভূমিত শান্তি প্ৰতিষ্ঠা হ’ল সেইদৰে আলাপ আলোচনাৰ মাজেৰে সকলো বিদ্ৰোহী সংগঠনক সমস্যা সমাধানৰ বাবে আহ্বান জনায় শিক্ষামন্ত্ৰীজনে ৷

Republic Day 2022 : হোজাইত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন

আজি দেশৰ 73 সংখ্যক গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাতে উদযাপন কৰা হ'ল গণৰাজ্য দিৱস (Republic Day celebration at Hojai)৷

ৰূপকোঁৱৰৰ বিশ্ব বিজয়ী ন-জোৱান গীতটিক সংস্কৃতলৈ অনুবাদ

73 তম গণৰাজ্য দিৱসত শিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃতলৈ অনুবাদ তথা বাণীবদ্ধ কৰিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি বিশ্ব বিজয়ী ন-জোৱান গীতটি ৷ গীতটিত কণ্ঠদান কৰিছে ৰঞ্জন বেজবৰুৱা, সন্তোষ কলিতা আৰু স্নেহমী‌ড়ে ৷ সংগীত ব্যৱস্থাপনা অভিষেক ধৰৰ। বিশেষ তত্বাৱধান- কৃষ্ণ দুলাল বৰুৱা, দীপক কুমাৰ শৰ্মাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.