Republic Day 2022 : হোজাইত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2022, 4:06 PM IST

thumbnail

আজি দেশৰ 73 সংখ্যক গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাতে উদযাপন কৰা হ'ল গণৰাজ্য দিৱস (Republic Day celebration at Hojai)৷ সমান্তৰালকৈ সম্পূৰ্ণ ক'ভিড প্ৰটক'ল মানি হোজাই জিলাতো উদযাপন কৰা হয় 73 সংখ্যক গণৰাজ্য দিৱস ৷ জিলা প্ৰশাসনৰ উদ্যোগত শংকৰদেৱৰ নগৰৰ কছাৰী মৈদামৰ খেলপথাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে ৷ গণৰাজ্য দিৱস উপলক্ষে উপায়ুক্তগৰাকীয়ে পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে(Hojai DC takes part in Republic Day 2022) । ইয়াৰ পাছত অসম আৰক্ষী বাহিনীৰ দুটা দলে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে ৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে ৷ কেৱল ৫ শতাধিক লোকৰ উপস্থিতিত জিলাখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.