তেজপুৰ নেহেৰু মৈদানত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ৰণোজ পেগুৰ

By

Published : Jan 26, 2022, 2:32 PM IST

thumbnail

তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu hoists Republic Day flag in Tezpur) । যিদৰে বিটিআৰ চুক্তিৰে বড়োভূমিত শান্তি প্ৰতিষ্ঠা হ’ল সেইদৰে আলাপ আলোচনাৰ মাজেৰে সকলো বিদ্ৰোহী সংগঠনক সমস্যা সমাধানৰ বাবে আহ্বান জনায় শিক্ষামন্ত্ৰীজনে ৷ আজি আলফাই বন্ধৰ আহ্বান জনোৱা নাই সেই সম্পৰ্কত বিশেষ মন্তব্য নিদি আলফাৰ এই সিদ্ধান্তক আদৰণি জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ মাতৃভাষা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, সকলোৱে নিজৰ বুকুত হাত থৈ ল’ৰা-ছোৱালীৰ মুখলৈ চায় এই প্ৰশ্ন কৰিব লাগে সকলোৱে ৷ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত সকলো অসমীয়া মাধ্যমৰ ছাত্ৰছাত্ৰীয়ে অংশ ল’ব পাৰে তাৰ বাবে হাইব্ৰীড পদ্ধতি ৷ মাধ্যমৰ বাবে ছাত্ৰ-ছাত্ৰী নহয় ছাত্ৰ-ছাত্ৰীৰ বাবেহে মাধ্যমবুলি তেওঁ উল্লেখ কৰে ৷ মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, ঠিকাভিত্তিক শিক্ষক সকলে নিয়মীয়া শিক্ষকৰ দৰে দৰমহা পোৱাটো সম্ভৱ নহয় ৷ কাৰণ বিশেষ চিলিঙৰ জৰিয়তে তেওঁলোকৰ দৰমহা মুকলি কৰি দিব লাগে, ট্ৰেজাৰীৰ জৰিয়তে নহয় ৷ গতিকে বিত্ত বিভাগৰ ইয়াত কৰণীয় আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.