Half marathon in Baihata: গণৰাজ্য দিৱস উপলক্ষে হাফ মাৰাথান প্ৰতিযোগীতা

By

Published : Jan 26, 2022, 6:48 PM IST

thumbnail

ৰাজ্যত খেলুৱৈ সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত অনেক অনুষ্ঠান-প্ৰতিষ্ঠান ওলাই অহা পৰিলক্ষিত হয় ৷ এনে এক মহৎ উদ্দেশ্যৰেই বাইহাটা চাৰিআলিৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান শৰাইঘাট যুৱ শক্তিয়ে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে এখনি হাফ মাৰাথান প্ৰতিযোগীতা (NGO Saraighat yuva sakti organised half marathon)। জালুকবাৰী সমষ্টি আৰু কমলপুৰ সমষ্টিৰ মাধ্যস্থলত অনুষ্ঠিত হোৱা এই মাৰাথান প্ৰতিযোগীতাত ল'ৰা আৰু ছোৱালীৰ উভয় শাখাতে বহুসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই মাৰাথান প্ৰতিযোগীতাত কামৰূপ, নলবাৰী, দৰং, ওদালগুৰি, কোকৰাঝাৰকে ধৰি প্ৰায় ১২খন জিলাৰ পৰা প্ৰায় ৬৭০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগীতাৰ ফ্লেগ অফ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই (Kamalpur MLA Diganta Kalita flag off Half Marathon) । এনে ধৰণৰ প্ৰতিযোগীতা আয়োজনৰ ফলত গ্ৰাম্য অঞ্চলৰ পৰা অধিক খেলুৱৈ সৃষ্টি কৰাৰ লগতে প্ৰতিযোগী সকল অসমকে ধৰি ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠাত সহায়ক হ’ব আশাবাদী উদ্যোক্তাসকল । একেৰাহে তৃতীয় বৰ্ষৰ কাৰণে অনুষ্ঠিত এই কাৰ্য্যসূচীক লৈ বাপ্যক উৎসাহ পৰিলক্ষিত হোৱা দেখা যায় বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.