ETV Bharat / state

Republic Day 2022: ডিব্ৰুগড়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ পতাকা উত্তোলন

author img

By

Published : Jan 26, 2022, 5:59 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো অনুষ্টুপীয়াকৈ পালন গণৰাজ্য দিৱস(Republic day celebration in Dibrugarh) । চৌকিডিঙ্গী খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta hoists flag in Dibrugarh)। অনুষ্ঠানত ভাষণ প্ৰদান কৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Republic day celebration in Dibrugarh
ডিব্ৰুগড়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কৰিলে পতাকা উত্তোলন

মৰাণ,২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে ৭৩ তম গণৰাজ্য দিৱস (Republic day celebration in Assam)। ক'ভিড বিধি পালন কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ চৌকিডিঙ্গী খেলপথাৰতো আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচীত উপস্থিত থাকি পতাকা উত্তোলন কৰে (Minister Keshab Mahanta hoists flag in Dibrugarh)।

ডিব্ৰুগড়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কৰিলে পতাকা উত্তোলন

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙ্গী খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ প্ৰথমে দেশৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছত সেমেকা বতৰৰ মাজতেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে । পতাকা উত্তোলনৰ অন্তত মন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ৰাজ্য চৰকাৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে ।

মন্ত্ৰী গৰাকীয়ে ভাষণত অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈ থকা কেঞ্চাৰ হাস্পতালৰ লগতে ডেন্টেল কলেজৰ চিকিৎসা জনসাধাৰণৰ বাবে অতি শীঘ্ৰে মুকলি কৰিব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Republic Day Celebration in Golaghat : গোলাঘাটত উদযাপন 73 সংখ্যক গণৰাজ্য দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.