ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Dec 28, 2021, 7:00 PM IST

TOP 10 AT 7PM
7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই বিদেশী ছাত্ৰৰ দেহত অ’মিক্ৰণৰ সন্দেহজনক অৱস্থিতি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অ’মিক্ৰনৰ সন্দেহজনক অৱস্থিতি (Suspected omicron positivity in Dibrugarh university student ) ৷ শৰীৰত অমিক্ৰণৰ অৱস্থিতি ধৰা পৰা দুয়োজন ছাত্ৰই বিদেশী ৷

Traffic violations new rules: নিময় মানি নচলিলে পৰিব বিপদত

নৱবৰ্ষৰ প্ৰাকক্ষণত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন (Assam govt strict against traffic rule violators)। হেলমেট পৰিধান নকৰাকৈ বাহন চলালে এহাজাৰ টকাৰ জৰিমনা ভৰাৰ লগতে তিনি মাহৰ বাবে অনুজ্ঞাপত্র বাতিল হ'ব ।

পৰাজয় স্বীকাৰ কৰিব নোৱাৰি ছাত্ৰ পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছিল নেকি আছুৱে ?

ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছুৱে পৰাজয় মানি ল'ব নোৱাৰিহে ছাত্ৰ পৰিষদৰ চাৰিজনকৈ ছাত্ৰৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ ছাত্ৰ পৰিষদৰ (ACP reacts on recent AASU ACP clash) ৷

APW against corruption: দক্ষতা বিকাশৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী APW ৰ

Assam Building & Others Construction Workers Welfare Board নামৰ সংস্থাটোৱে 2018 চনতে বিভিন্ন শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত 75 কোটি টকা খৰচ কৰিছিল । উক্ত প্ৰশিক্ষণৰ তিনিবছৰ উকলি যোৱাৰ পিছতো বহু প্ৰশিক্ষাৰ্থীৰ ধন আদায় দিয়া নাই । এই অনিয়ম সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী আসাম পাব্লিক ৱৰ্কছৰ ।

Flight cancelled due to Covid 19 : বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল

ক'ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিভিন্ন দেশত বাতিল কৰা হৈছে যাত্ৰীবাহী বিমান । বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে (11,500 flights cancelled worldwide since Christmas eve) ।

MBB Airport new terminal: মুকলিৰ পূৰ্বে AAIৰ অধ্যক্ষৰ পৰিদৰ্শন টাৰ্মিনেল ভৱন

মুকলিৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ত্ৰিপুৰা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন । জানুৱাৰীৰ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নৱনিৰ্মিত টাৰ্মিনেল ভৱনটো (PM modi to inaugurate MBB airport terminal)। তাৰ পূৰ্বে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াসকলে পৰিদৰ্শন কৰে টাৰ্মিনেলটো ।

NEET PG Exam : দিল্লীত চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ চিকিৎসকৰ

অসম ৰাইফলচৰ প্ৰাক্তন সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ মৃত্যু(Demise of former Assam Rifles soldier Naren Chandra Das) ৷ দালাই লামাই চীন সীমান্ত হৈ ভাৰতলৈ পলাই অহাৰ সময়ত নিৰাপত্তা প্ৰদান কৰিছিল এইগৰাকী সেনা জোৱানে ৷ তেখেতৰ মৃত্যুত সমগ্ৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলত শোকৰ ছাঁ পৰে ।

Nitesh Rane in Controversy : মুখ্যমন্ত্ৰীৰ পুত্ৰক উপহাস কৰি বিপদত বিজেপি বিধায়ক

মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য ঠাকৰেক উপহাস কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ পুত্ৰ নিতেশ ৰাণে (Nitesh Rane in controversy) । আদালতত আগতীয়া জামিন বিচাৰি আবেদন নিতেশ ৰাণেৰ ।

Elections amid Omicron scare : উত্তৰ প্ৰদেশত উপস্থিত নিৰ্বাচন আয়োগৰ দল

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ দল (ECI team visit UP before assembly election)। ৰাজ্যখনৰ সমাগত নিৰ্বাচন সম্পৰ্কে বিভিন্ন বিভাগৰ সৈতে বৈঠকত মিলিত হ'ব দলটো । দলটোৰ নেতৃত্বত আছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ ।

Man returns from Pakistan : সুদীৰ্ঘ ২৯ বছৰ পাকিস্তানৰ পৰা জন্মভূমিলৈ উভতিল কুলদীপ সিং

অনুপ্ৰৱেশৰ অভিযোগত ২৯ বছৰে পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল জম্মু-কাশ্মীৰৰ কুলদীপ সিং (Kuldeep spent 29 years in a Pakistani jail)। আইনী যুঁজত জয়ী হৈ অৱশেষত কাৰাগাৰৰ পৰা মুকলি কৰা হয় ভাৰতীয় কুলদীপক । দীৰ্ঘদিনৰ অন্তত বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.