ETV Bharat / bharat

Man returns from Pakistan : সুদীৰ্ঘ ২৯ বছৰৰ মূৰত পাকিস্তানৰ পৰা জন্মভূমিলৈ উভতিল কুলদীপ সিং

author img

By

Published : Dec 28, 2021, 1:16 PM IST

Updated : Dec 29, 2021, 12:33 PM IST

অনুপ্ৰৱেশৰ অভিযোগত ২৯ বছৰে পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল জম্মু-কাশ্মীৰৰ কুলদীপ সিং (Kuldeep spent 29 years in a Pakistani jail)। আইনী যুঁজত জয়ী হৈ অৱশেষত কাৰাগাৰৰ পৰা মুকলি কৰা হয় ভাৰতীয় কুলদীপক । দীৰ্ঘদিনৰ অন্তত বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলত ।

Man return from Pakistan
পাকিস্তানৰ কাৰাবাসত থকাৰ পাছত জন্মভূমিলৈ কুলদীপ সিং

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ বিলাৱাৰত আনন্দমুখৰ পৰিৱেশ । দীৰ্ঘদিনৰ অন্তত এটা পৰিয়ালৰ সদস্যৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ সুদীৰ্ঘ ২৯ বছৰৰ পাছতে ঘৰলৈ উভতিছে তেওঁলোকৰ এজন সদস্য । ইমান বছৰে পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল মাকৱাল গাঁৱৰ কুলদীপ সিং নামৰ লোকজন (Kuldeep spent 29 years in a Pakistani jail)।

পাকিস্তানৰ কোট লাখপতত সুদীৰ্ঘদিন কাৰাবাসৰ পাছত ভাৰতৰ নিজ বাসগৃহত উপস্থিত হয় কুলদীপ (Kuldeep returns to India after imprisonment in Pakistan) । শুকুৰবাৰে নিশা ঘৰত উপস্থিত হোৱাৰ লগে লগে কুলদীপক উষ্ম আদৰণি জনায় গাঁৱবাসীয়ে । আনন্দৰ মূহুৰ্তত পৰিয়াল তথা বন্ধুবৰ্গই গাঁৱবাসীৰ মাজত মিঠাই বিতৰণ কৰাও দেখা যায় ।

উল্লেখ্য যে, ১৯৯২ চনৰ ডিচেম্বৰত দুৰ্ভাগ্যক্ৰমে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি পাকিস্তানত উপস্থিত হোৱা কুলদীপ সিঙক পাকিস্তানী সেনাই গ্ৰেপ্তাৰ কৰিছিল । তেওঁ পাকিস্তানৰ আদালতত গুপ্তচৰ সম্পৰ্কীয় চাৰিটাকৈ গোচৰৰ সন্মুখীন হয় ৷ ইয়াতে তেওঁক ২৫ বছৰৰ বাবে কাৰাবাসৰ শাস্তি বিহা হয় ৷ নিয়মীয়া আবেদন আৰু ভাৰতীয় উচ্চায়ুক্তৰ আইনী যুঁজৰ পাছত সিঙক কাৰাগাৰৰ পৰা মুকলি কৰা হয় ৷ যাৰ ফলত ২০ ডিচেম্বৰত অমৃতসৰৰ ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে কুলদীপে ।

দীৰ্ঘদিনীয়া কাৰাগাৰৰ অভিজ্ঞতা উল্লেখ কৰি সিঙে কয় যে, পাকিস্তানী সেনাই প্ৰতিগৰাকী ভাৰতীয়ক গুপ্তচৰ হিচাপে গণ্য কৰে ৷ কাৰাবাসৰ সময়চোৱাত ব্যক্তিগৰাকীক বৈদ্যুতিক শ্ব'ৰ্ট দিয়া হৈছিল ৷ তাৰপিছতো কিন্তু ব্যক্তিগৰাকীয়ে ভাৰতলৈ অহাৰ আশা এৰি দিয়া নাছিল । অৱশেষত তেওঁ পৰিয়ালৰ মাজলৈ আহিবলৈ পাই নতুন জীৱন লাভ কৰা বুলি মন্তব্য কৰে ৷

তেওঁ উল্লেখ কৰা মতে, জম্মু আৰু কাশ্মীৰৰ দুজন লোক এতিয়াও মুক্তিৰ অপেক্ষাত পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে । ১০ ৰ পৰা ১২ জন ভাৰতীয় পাকিস্তানৰ মানসিক চিকিৎসালয়ত আজিও চিকিৎসাধীন হৈ আছে ৷ কিয়নো তেওঁলোকক পাকিস্তানী নিৰাপত্তা বাহিনীয়ে নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল । সিঙে ভাৰত আৰু পাকিস্তান দুয়োখন চৰকাৰক মানৱীয় দৃষ্টিকোণৰ পৰা দুয়োখন দেশৰ সকলো বন্দীক মুক্তি দিবলৈ আহ্বান জনায় ।

কুলদীপ সিঙৰ পত্নী উৰ্মিলাই আনন্দ প্ৰকাশ কৰি কয় যে তেওঁ আজি বহুত সুখী কিয়নো তেওঁৰ স্বামী ২৯ বছৰৰ পাছত উভতি আহিছে । এই দিনটো তেওঁলোকৰ পৰিয়ালৰ বাবে এটা বিশেষ দিন । স্বামী আৰু তেওঁৰ পৰিয়ালৰ বাবে এয়া এক নতুন জন্ম বুলিও উৰ্মিলাই উল্লেখ কৰে ।

সিঙৰ পুত্ৰ অমিতে কয় যে পিতৃৰ অনুপস্থিতিত তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈ আহিছিল । পিতৃৰ মুক্তিৰ বাবে তেওঁলোকে বহুতো চেষ্টা চলাইছিল । আনকি পিতৃৰ মুক্তিৰ ক্ষেত্ৰত বহু লোকে তেওঁলোকক সহায় কৰা বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : Bangladeshi fishermen rescued : পাৰাদ্বীপৰ পৰা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ

Last Updated :Dec 29, 2021, 12:33 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.