ETV Bharat / state

পৰাজয় স্বীকাৰ কৰিব নোৱাৰি ছাত্ৰ পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছিল নেকি আছুৱে ?

author img

By

Published : Dec 28, 2021, 4:43 PM IST

ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছুৱে পৰাজয় মানি ল'ব নোৱাৰিহে ছাত্ৰ পৰিষদৰ চাৰিজনকৈ ছাত্ৰৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ ছাত্ৰ পৰিষদৰ (ACP reacts on recent AASU ACP clash) ৷ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধেও সৰৱ ছাত্ৰ পৰিষদ ৷ সবিশেষ জানো আহক ৷

acp-reacts-on-recent-its-clash-with-aasu-in-dibrugarh
পৰাজয় স্বীকাৰ কৰিব নোৱাৰি ছাত্ৰ পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছিল নেকি আছুৱে ?

মৰাণ, 28 ডিচেম্বৰ : শুকুৰবাৰে অনুষ্ঠিত হোৱা ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ১৩ টা পদৰ বিপৰীতে ১১ পদতে বিজয়ী হৈছিল অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী । কিন্তু, এই নিৰ্বাচনৰ সময়তে মহাবিদ্যালয়খনত সংঘটিত হৈছিল আছু আৰু অসম ছাত্ৰ পৰিষদৰ সংঘৰ্ষ (AASU ACP clash in Dibrugarh) ৷ ইয়াৰ পিছতে কেইবাগৰাকীও আছু কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটো ৷

ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা এই কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ আনি আৰক্ষীক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰিছিল আছুৱে ৷ ইতিমধ্যে, এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় তথা তিনিচুকীয়া জিলা বন্ধৰ কাৰ্যসূচীও পালন কৰিছে আছুৱে ৷ সম্প্ৰতি এই ঘটনাক লৈ মুখ খুলিছে অসম ছাত্ৰ পৰিষদৰ প্ৰতিনিধিয়েও (ACP reacts on recent AASU ACP clash) ৷

পৰাজয় স্বীকাৰ কৰিব নোৱাৰি ছাত্ৰ পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছিল নেকি আছুৱে ?

আছুৱে পৰাজয় মানি ল'ব নোৱাৰিহে ছাত্ৰ পৰিষদৰ চাৰিজনকৈ ছাত্ৰৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি অভিযোগ তুলিছে সংগঠনটোৱে । ইফালে এই ঘটনাত এবিভিপিৰ সৈতে ছাত্ৰ পৰিষদৰ কোনো সম্পৰ্ক নাই বুলি অভিযোগ কৰি পৰিষদৰ কোনো ছাত্ৰই এবিভিপিত যোগদান কৰা নাই বুলিও সংবাদ মেলযোগে স্পষ্ট কৰি দিছে সংগঠনটোৰ বিষয়ববীয়া সকলে ।

ইফালে সম্প্ৰতি, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ(EX AASU GS Lurinjyoti Gogoi)ৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰা দেখা গৈছে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক । লুৰীণজ্যোতি গগৈয়ে এই মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগ তুলি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছু কৰ্মী সকলৰ ওপৰত আক্ৰমণ কৰা বুলি উত্থাপিত অভিযোগকো প্ৰত্যুত্তৰ দিয়ে তেওঁলোকে ।

লগতে পঢ়ক : AGP leader joins BJP: অগপ এৰি বিজেপিত যোগদান অগপৰ জ্যেষ্ঠ নেতা কেশৰাম বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.