ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 27, 2021, 7:00 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ সংহাৰী ৰূপ

ভদিয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলত পৰি হাজাৰ হাজাৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে অনিষ্ট হৈছে বহু পৰিয়ালৰ বাসগৃহ ৷ ইয়াৰ মাজতে সোৱনশিৰিৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ঐতিহাসিক ঘুঁণাসূতিৰ কেইবাখনো গাঁও ৷ ৰাইজৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় অৱস্থা ৷

আজৱ কাণ্ড: দলং নিৰ্মাণত ৰডৰ বিপৰীতে বাঁহৰ শলা ব্যৱহাৰ

যোৰহাটত লোক নিৰ্মাণ বিভাগে দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ ঠিকাদাৰ সৈতে মিতিৰালী কৰি আৰচিচি দলং নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিছে বাঁহৰ শলা ৷ যি দৃশ্য দেখি চকু কপালত উঠিছে সচেতন মহলৰ লগতে দল সংগঠনৰ ৷

মহাজোঁটৰ পৰা মুক্তি বিচাৰে গৌৰৱ গগৈয়ে

বিধানসভা নিৰ্বাচনত বহু সমষ্টিত প্ৰাৰ্থী নিদিয়া বাবে কংগ্ৰেছৰ দলীয় কৰ্মীৰ মনত ক্ষোভ আৰু বেদনা আছে । দলৰ তথা দলীয় কৰ্মীৰ স্বাৰ্থত আৰু অসমৰ স্বাৰ্থত মহাজোঁটৰ পৰা কংগ্ৰেছ স্বতন্ত্র হ'ব লাগিব এক সংবাদমেল যোগে এই মন্তব্য কৰে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে ।

যোগান বিভাগৰ বগা চাউলৰ ক’লা ব্যৱসায়

গোৱালপাৰা লুপ্তচৰত বগা চাউলৰ ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । অভিযানত যোগান বিভাগৰ বৃহৎ পৰিমাণৰ চাউলসহ ৭ জনক আটক কৰিছে প্ৰশাসনে ।

ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ কেলেংকাৰী ফাদিল ; বীৰ লাচিত সেনা ত্যাগ চিতু বৰুৱাৰ

ডাঙৰ খবৰ ! সংগঠন ত্যাগ কৰিলে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই । পদত্যাগ কৰাৰ পাচতে কেন্দ্ৰীয় সমিতিয়ে হঠাৎ লোৱা এক সিদ্ধান্তক লৈ প্ৰশ্ন কৰাৰ লগতে সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক তথ্য দাঙি ধৰে চিতু বৰুৱাই ৷

দিল্লীৰ পৰা অসমলৈ কোনে কুৰিয়াৰত পঠিয়ায় কোকেইন ?

বিগত প্ৰায় 6 মাহ ধৰি দক্ষিণ দিল্লীৰ পৰা অসমৰ এক নিৰ্দিষ্ট ঠিকনালৈ সৰবৰাহ হৈ আহিছে কোকেইন । দক্ষিণ দিল্লীৰ পৰা গুৱাহাটীৰ এই নিৰ্দিষ্ট ঠিকনাটোলৈ কোকেইন আহে কুৰিয়াৰ চাৰ্ভিছত । কিন্তু কোন দিল্লীৰ পৰা অসমলৈ পঠায় কোকেইন ?

এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

লখিমপুৰ, নলবাৰী, তিনিচুকীয়া, নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ স্বাস্থ্যমন্ত্রীৰ । ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত শিশুৰ বাবে আই চি ইউ নির্মাণ প্রায় সম্পূর্ণ । সম্ভাব্য তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ ।

'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

শুকুৰবাৰৰ পৰা কেন্দ্ৰীয় এম এছ এম ই মন্ত্ৰী নাৰায়ণ ৰাণে(Narayan Rane)ই পুনৰ আৰম্ভ কৰিব 'জন আশীৰ্বাদ যাত্ৰা' । ৰত্নগিৰিৰ পৰা তেওঁ এই যাত্ৰা আৰম্ভ কৰিব । যোৱা ২৩ আগষ্টত 'জন আশীৰ্বাদ যাত্ৰা'(Jan Aashirwad Yatra)ৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে(Uddhav Thackeray)ক চৰ সোধোৱাৰ কথা কৈ গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

ৰাজ্যত পুনৰ উগ্ৰপন্থীৰ কূটাঘাত: সন্দেহযুক্ত DNLAৰ গুলীত নিহত পাঁচজন ট্ৰাক চালক

সন্দেহজনক উগ্ৰপন্থী সদস্যই ডিমা হাছাওৰ দিয়ংমুখত অগ্নিসংযোগ কৰিলে 5 খনকৈ কয়লাভৰ্তি ট্ৰাকত ৷ বৃহস্পতিবাৰে নিশা হাফলঙৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে কয়লা কঢ়িয়াই নিয়া পাঁচখনকৈ ট্ৰাকত অগ্নিসংযোগ কৰে ৷ সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত নিহত পাঁচজন ট্ৰাকচালক ৷

আৰ্হি সলনি হ'লেও স্থিতি একেই; আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব সংগীত

১৯৯৬ চনৰ স্থিতিতে অটল আছে তালিবান ৷ তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে স্পষ্ট কৰি দিলে "ইছলামত সংগীত নিষিদ্ধ " ৷ ইয়াৰ লগতে আফগানিস্তানৰ মহিলা সকলৰ ক্ষেত্ৰত তালিবানৰ স্থিতি কি, সেই ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে জাবিহুল্লাহ মুজাহিদে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.