দিল্লীৰ পৰা অসমলৈ কোনে কুৰিয়াৰত পঠিয়ায় কোকেইন ?

author img

By

Published : Aug 27, 2021, 12:56 PM IST

Who is this vishal chaudhury who sent drugs to Assam?

বিগত প্ৰায় 6 মাহ ধৰি দক্ষিণ দিল্লীৰ পৰা অসমৰ এক নিৰ্দিষ্ট ঠিকনালৈ সৰবৰাহ হৈ আহিছে কোকেইন । দক্ষিণ দিল্লীৰ পৰা গুৱাহাটীৰ এই নিৰ্দিষ্ট ঠিকনাটোলৈ কোকেইন আহে কুৰিয়াৰ চাৰ্ভিছত । কিন্তু কোন দিল্লীৰ পৰা অসমলৈ পঠায় কোকেইন ?

গুৱাহাটী, 27 আগষ্ট : অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই থকাৰ মাজতে পোহৰলৈ আহিছে এক তথ্য । বিগত প্ৰায় 6 মাহ ধৰি দক্ষিণ দিল্লীৰ পৰা বিশাল চৌধুৰী নামৰ লোকজনে অসমৰ এক নিৰ্দিষ্ট ঠিকনালৈ সৰবৰাহ কৰি আহিছে কোকেইন । এই বিশাল চৌধুৰী নামৰ লোকজনেই হৈছে ৰাজধানী মহানগৰ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ সম্ভ্ৰান্ত লোকলৈ নিষিদ্ধ কোকেইন যোগান ধৰা মূল মাষ্টাৰমাইণ্ড ।

বিগত প্ৰায় 6 মাহ ধৰি দক্ষিণ দিল্লীৰ পৰা এই বিশাল চৌধুৰীয়ে অসমৰ এক নিৰ্দিষ্ট ঠিকনালৈ সৰবৰাহ কৰি আহিছে কোকেইন । আটাইতকৈ ডাঙৰ আৰু চিন্তনীয় বিষয়টো হ'ল দক্ষিণ দিল্লীৰ পৰা গুৱাহাটীৰ এই নিৰ্দিষ্ট ঠিকনাটোলৈ কোকেইন আহে কুৰিয়াৰ চাৰ্ভিছত ।

Who is this vishal chaudhury who sent drugs to Assam?
অসমলৈ কুৰিয়াৰত ড্ৰাগ পঠিওৱা কোন এই বিশাল চৌধুৰী ?

যোৱা 13 আগষ্টত গুৱাহাটীৰ খাৰঘূলিত থকা ৰিভেইৰা এপাৰ্টমেন্টত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীৰ কেইবাজনো বিত্তশালী অভিজাত পৰিয়ালৰ লোকক । এইসকল লোকে ৰিভেইৰাত ৰেভ পাৰ্টি চলাই থকা অৱস্থাত হাতে লোটে ধৰা পেলাইছিল আৰক্ষীয়ে ।

এই ঘটনাই এতিয়া আৰক্ষীক বহু নতুন নতুন দিশৰ সন্ধান দিয়া পৰিলক্ষিত হৈছে ৷ অসম আৰক্ষীৰ এক শীৰ্ষ সুত্ৰৰ পৰা জানিব পৰা মতে 13 আগষ্টত ৰিভেইৰাৰ পৰা গ্ৰেপ্তাৰ কৰা সকলৰ মাজত থকা অন্যতম অভিযুক্ত অশোক বৰ্মনেই হৈছে গুৱাহাটীকে ধৰি অসমৰ ভিন ভিন স্থানৰ অভিজাত লোকৰ মাজত কোকেইন যোগান ধৰা মূল মানুহ ।

এই অশোক বৰ্মনলৈকে দক্ষিণ দিল্লীৰ পৰা বিশাল চৌধুৰীয়ে কুৰিয়াৰ যোগে প্ৰেৰণ কৰে কোকেইন । আৰক্ষীৰ সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা প্ৰায় ছমাহে এইদৰে কুৰিয়াৰত অশোক বৰ্মনলৈ কোকেইন আহি আছিল আৰু সেই অনুসৰি এই কোকেইন আঢ্যৱন্ত লোকৰ মাজত তেওঁ যোগান ধৰি আহিছিল । এতিয়া অসম আৰক্ষীয়ে সন্ধান চলাইছে দিল্লীৰ এই বিশাল চৌধুৰীৰ।

ইতিমধ্যে দিল্লী আৰক্ষীৰ সৈতেও অসম আৰক্ষীয়ে যোগাযোগ কৰিছে বুলি সদৰী কৰে সুত্ৰটোৱে ।

লগতে পঢ়ক:বিদ্ৰোহী সংগঠন DNLAই অগ্নিসংগযোগ কৰিলে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত, নিহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.